মূল অভিযুক্ত ‘সন্ন্যাসী’ আনন্দ গিৰিৰ বিলাসী জীৱনৰ চমক
মহন্ত নৰেন্দ্র গিৰিৰ ৰহস্যজনক মৃত্যুৱে জোকাৰিছে দেশ
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ অখিল ভাৰতীয় আখড়া পৰিষদৰ অধ্যক্ষ তথা নিৰঞ্জনী আখড়াৰ মহন্ত নৰেন্দ্র গিৰিৰ ৰহস্যজনক মৃত্যু৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ বাঘমবড়ী মঠৰ অতিথিশালাত মহন্ত নৰেন্দ্র গিৰিৰ ওলমি থকা মৃতদেহ উদ্ধাৰৰ পাছতেই দেশজুৰি চাঞ্চল্য সৃষ্টি হয়৷ এই চাঞ্চল্য অধিক চর্চাৰ ৰূপ লয়, যেতিয়াই মহন্ত নৰেন্দ্র গিৰিৰ মৃতদেহৰ সমীপত এখন আত্মহত্যাৰ টোকা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ এই আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে কিয় আত্মহননৰ সিদ্ধান্ত ল’বলগীয়া হ’ল, তাক প্রকাশ কৰাৰ লগতে তেওঁক আত্মহননৰ বাবে বাধ্য কৰোৱাৰ আঁৰত কোন জড়িত আছে, সেয়াও লিপিবদ্ধ কৰি থৈ যায়৷
১১ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে ৭বাৰ আত্মহত্যা কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰাৰ লগতে এই আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা তেওঁৰেই শিষ্য আনন্দ গিৰিৰ নাম ১৪ বাৰ উল্লেখ কৰিছে৷ আত্মহত্যাৰ টোকাত আনন্দ গিৰিৰ নাম উল্লেখ থকাৰ পাছতেই প্রয়াগৰাজৰ আৰক্ষীয়ে আনন্দ গিৰিক গ্রেপ্তাৰ কৰিছে৷ বিতর্কিত আনন্দ গিৰিক গ্রেপ্তাৰ কৰাৰ পাছতেই আনন্দ গিৰিৰ সন্ন্যাসী জীৱনশৈলীৰ বিপৰীতে আভিজাত্য বিলাসী জীৱন চর্চাৰ মাজলৈ আহিছে৷ এই চর্চাত আনন্দ গিৰিয়ে বিলাসী বাহন, অত্যধিক ব্যয়বহুল ম’বাইল ফোন ব্যৱহাৰ কৰাৰ লগতে বিদেশ ভ্রমণৰ তথ্য আছে৷ বিদেশ ভ্রমণ কৰি ভাল পোৱা বিলাসী জীৱনশৈলীৰ আনন্দ গিৰিয়ে আনকি নাৰীজনিত ঘটনাত অষ্ট্রেলিয়াত গ্রেপ্তাৰ হোৱাৰ উদাহৰণো আছে৷ মহন্ত নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ টোকাত কিদৰে তেওঁ আত্মসন্মানৰ বাবে আত্মহননৰ সিদ্ধাত লৈছিল, সেই কথা স্পষ্টকৈ উল্লেখ কৰা আছে, তেনেদৰে আছে তেওঁক আত্মহনন কৰিবলৈ বাধ্য কৰোৱা শিষ্য আনন্দ গিৰিৰ নাম৷ নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ টোকাত সাতবাৰ আত্মহত্যা শব্দটো প্রয়োগ কৰা হৈছে৷
তেওঁ লিখিছে– মই মহন্ত নৰেন্দ্র গিৰি আচলতে ২০২১ চনৰ ১৩ ছেপ্টেম্বৰত আত্মহত্যা কৰিবলৈ লৈছিলোঁ৷ কিন্তু সাহস গোটাব নোৱাৰিলোঁ৷ আজি যেতিয়া হৰিদ্বাৰত গৈ জানিব পাৰিলোঁ যে এদিন–দুদিনৰ পাছতেই আনন্দ গিৰিয়ে কম্পিউটাৰৰ মাধ্যমেৰে ম’বাইলত কোনো মহিলা অথবা ছোৱালীৰ সৈতে বেয়া কাম কৰাৰ ফটো ভাইৰেল কৰি দিব, তেতিয়া মই ভাবিছিলোঁ ইয়াৰ স্পষ্টীকৰণ মই কিদৰে দিম৷ এবাৰ মই বদনাম হৈ যাম৷ সঁচাটো জনতাই পাছত জানিব পাৰিব৷ কিন্তু মোৰ নাম কলংকিত হ’ব৷ তদুপৰি তেওঁ আত্মহত্যাৰ টোকাত উল্লেখ কৰে– …মই আগেয়েও আত্মহত্যা কৰিবলৈ গৈছিলোঁ৷ কিন্তু সাহস গোটাব পৰা নাছিলোঁ৷ আজি মই সাহস হেৰুৱালোঁ আৰু আত্মহত্যা কৰিবলৈ গৈছোঁ৷ প্রয়াগৰাজৰ সকলো আৰক্ষী বিষয়া আৰু প্রশাসনিক বিষয়াক অনুৰোধ কৰোঁ যে মোৰ আত্মহত্যাৰ দায়ী উপৰিউক্ত লোককেইজনৰ ওপৰত তদন্ত কৰা হওক৷ যাৰ দ্বাৰা মোৰ আত্মাই শান্তি পাব৷
আত্মহত্যাৰ টোকাত আনন্দ গিৰিৰ নাম ১৪বাৰ
আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে আনন্দ গিৰিৰ লগতে আদ্রাপ্রসাদ তিৱাৰী আৰু তেওঁৰ পুত্র সন্দীপ তিৱাৰীৰ নামো উল্লেখ কৰিছে৷ অৱশ্যে আনন্দ গিৰিৰ নাম সর্বাধিক ১৪বাৰ উল্লেখ কৰিছে৷ তেওঁ লিখিছে– যেতিয়াৰে পৰা আনন্দ গিৰিয়ে মোৰ ওপৰত অসত্য, মিথ্যা আৰু মনেসজা আৰোপ লগাইছে, তেতিয়াৰে পৰা মই মানসিক চাপত পৰিছিলোঁ৷ যেতিয়াই মই অকলশৰে থাকোঁ, তেতিয়াই মৰি যোৱাৰ ইচ্ছা জাগে৷ মহন্ত নৰেন্দ্র গিৰিয়ে উল্লিখিত ব্যক্তি তিনিজনক কিয় অভিযুক্ত কৰিছে, সেই সন্দর্ভতো আত্মহত্যাৰ টোকাত উল্লেখ কৰা আছে৷ আত্মহত্যাৰ টোকাত থকা মতে, আনন্দ গিৰি, আদ্য প্রসাদ তিৱাৰী আৰু সন্দীপ তিৱাৰীয়ে মিলি তেওঁক বিশ্বাসঘাতকতা কৰিছে৷ জীৱন হানি কৰিবলৈ চেষ্টা চলাইছে৷ ছ’চিয়েল মিডিয়া, ফেচবুক আৰু সংবাদ–পত্রত আনন্দ গিৰিয়ে তেওঁৰ চৰিত্রক লৈ মনেসজা আৰোপ লগাইছে৷ তেওঁ মৰিবলৈ গৈ আছে৷ আনন্দ গিৰিয়ে যিবোৰ আৰোপ লগাইছে, তাৰ জৰিয়তে তেওঁৰ আৰু মঠ–মন্দিৰৰ বদনাম হৈছে৷ মই আত্মহত্যা কৰিবলৈ গৈ আছোঁ৷ তেওঁৰ মৃত্যুৰ বাবে সম্পূর্ণ জগৰীয়া আনন্দ গিৰি, আদ্য প্রসাদ তিৱাৰী, যিজন মন্দিৰৰ পূজাৰী আৰু আদ্য তিৱাৰীৰ পুত্র সন্দীপ তিৱাৰী হ’ব৷ তেওঁ সমাজত সদায়ে শান্তিৰে জীয়াই আছিল, কিন্তু আনন্দ গিৰিয়ে তেওঁক ভুল পথেৰে বদনাম কৰিলে৷ এক অডিঅ’ কেছেট আনন্দ গিৰিয়ে প্রচাৰ কৰিছে, য’ত তেওঁৰ বদনাম হৈছে৷ আজি মই হাৰি গৈছোঁ আৰু আত্মহত্যা কৰিবলৈ গৈছোঁ৷ উল্লেখ্য যে আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে দুটা কলম ব্যৱহাৰ কৰিছে৷ আত্মহত্যাৰ টোকাৰ ১১ পৃষ্ঠাৰ ভিতৰত ১০ পৃষ্ঠাতে তেওঁ ‘মহন্ত নৰেন্দ্র গিৰি’ বুলি স্বাক্ষৰ কৰিছে৷ অৱশ্যে এটা পৃষ্ঠাত তেওঁ ‘এম নৰেন্দ্র গিৰি’ লিখিছে৷ আৰক্ষীয়ে এই আত্মহত্যাৰ টোকাক লৈ পুংখানুপুংখ তদন্ত চলাই আছে৷
কোন এই আনন্দ গিৰি
ডেৰা চাচাৰ মুৰব্বী বর্তমান ধর্ষণৰ অভিযোগত কাৰাবন্দী হৈ থকা গুৰমিট সিং ৰাম ৰহিমৰ বিলাসী জীৱনশৈলীৰ পাছত এইবাৰ মহন্ত নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ বাবে জগৰীয়া আনন্দ গিৰিৰ নাম চর্চালৈ আহিছে৷ নৰেন্দ্র গিৰিক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা শিষ্য আনন্দ গিৰিৰ বিলাসী জীৱনশৈলী ছ’চিয়েল মিডিয়াত ব্যাপক চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ সন্ন্যাসী জীৱনশৈলীৰ বিপৰীতে সম্পূর্ণ বিলাসী জীৱন কটোৱা আনন্দ গিৰিক ১২ বছৰ বয়সতে হৰিদ্বাৰ আশ্রমৰ পৰা প্রয়াগৰাজৰ বাঘমবড়ী মঠলৈ লৈ আনিছিল মহন্ত নৰেন্দ্র গিৰিয়ে৷ সন্ন্যাসীতকৈ বিলাসী জীৱন কটোৱা আনন্দ গিৰি সন্ন্যাসীৰ পৰা যোগগুৰুলৈ এক দীঘলীয়া পৰিক্রমা আছে৷ ৰাজস্থানৰ ভিলৱাৰাৰ ১২ বছৰীয়া আনন্দ গিৰিৰ বর্তমান বয়স ৩৮৷ পূর্বতে শ্রীপঞ্চায়তী আখড়া নিৰঞ্জনীৰ অন্তর্ভুক্ত কৰা হৈছিল আনন্দ গিৰিক৷ প্রখ্যাত বড়ে হনুমান মন্দিৰৰ ছোটে মহাৰাজ হিচাপে চর্চিত আনন্দ গিৰি তেওঁৰেই গুৰু মহন্ত নৰেন্দ্র গিৰিৰ সৈতে বিভিন্ন বিষয়ক লৈ মতভেদ হৈছিল৷
ইয়াৰ ভিতৰত সম্পত্তিও জড়িত আছিল৷ মহন্ত নৰেন্দ্র গিৰিৰ সৈতে মতানৈক্য হোৱাৰ পাছত আনন্দ গিৰিয়ে যোগৰ জৰিয়তে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ বিতর্কিত আনন্দ গিৰিয়ে দাবী কৰা মতে, তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আয়ুর্বেদ আৰু বেদৰ স্নাতক ডিগ্রীধাৰী, পিছলৈ যোগতন্ত্রত পি এইচ ডি লাভ কৰে৷ সন্ন্যাসীৰ জীৱনৰ আঁৰত আনন্দ গিৰিয়ে চলাই গৈছিল এক আভিজাত্যৰ বিলাসী জীৱন৷ বিদেশ ভ্রমণ কৰি ভাল পোৱা আনন্দ গিৰিয়ে বিভিন্ন সময়ত বিদেশলৈ গৈ বিলাসী হোটেলত কটোৱাৰ অনেক উদাহৰণ আছে৷ ভাৰত আৰু বিশ্বৰ বিভিন্ন দেশৰ বিশ্ববিদ্যাসলত যোগ বিশেষজ্ঞ হিচাপে আনন্দ গিৰিয়ে যোগ শিকাইছিল৷ বিমানত ভ্রমণৰ সময়ত সুৰা সেৱন কৰি বিতর্কৰ মাজত সাঙোৰ খাই পৰা আনন্দ গিৰিক ২০১৯ চনৰ মে’ মাহত অষ্ট্রেলিয়াৰ ছিডনী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷
২০১৬ আৰু ২০১৮ চনত দুগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত আনন্দ গিৰিক গ্রেপ্তাৰ কৰিছিল ছিডনী আৰক্ষীয়ে৷ ছিডনীৰ আদালতে পিছলৈ আনন্দ গিৰিক দোষমুক্ত ঘোষণা কৰিছিল৷ এই সময়ছোৱাত মহন্ত নৰেন্দ্র গিৰিয়ে শিষ্য আনন্দ গিৰিক সমর্থন জনাইছিল৷ গুৰুত্বপূর্ণ যে সাধু–সন্তৰ আচৰণবিধিক অৱজ্ঞা কৰি আনন্দ গিৰিয়ে পৰিয়ালৰ লোকৰ সৈতে সম্পর্ক বর্তাই ৰাখিছিল৷ মন্দিৰৰ পুঁজিৰ বিত্তীয় অনিয়মত জড়িত আছিল আনন্দ গিৰি৷ ইয়াৰ পাছতেই বাঘমবড়ী মঠ আৰু নিৰঞ্জনী আখড়াৰ পৰা আনন্দ গিৰিক বহিষ্কাৰ কৰিছিল৷ অৱশ্যে পিছলৈ বিভিন্ন সন্ত–সাধুৰ সমর্থন আৰু অনুৰোধৰ প্রতি লক্ষ্য ৰাখি নৰেন্দ্র গিৰিয়ে বহিষ্কাৰ প্রস্তাৱ প্রত্যাহাৰ কৰিছিল আৰু আনন্দ গিৰি নৰেন্দ্র গিৰিৰ ওচৰ চাপিছিল৷ কালক্রমত যোৱা ২০ ছেপ্ঢেম্বৰত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰা মহন্ত নৰেন্দ্র গিৰিৰ মৃত্যুৰ কাৰণ হৈ পৰে বিতর্কিত আনন্দ গিৰি৷