নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আৰক্ষীৰ নিষ্ঠুৰতা, তিনি কিলোমিটাৰ খোজ কঢ়ালে ৮ মহীয়া গর্ভৱতী মহিলাক

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ প্রচণ্ড গৰমত হেলমেট চেকিঙৰ সময়ত এগৰাকী গর্ভৱতী মহিলাক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ অভিযোগত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷

জনজাতি অধ্যুষিত জিলাখনত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰীণা বাক্ছালাই হেলমেট চেকিঙৰ সময়ত এইদৰে গর্ভৱতী মহিলাগৰাকীক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ পিছত মহিলাগৰাকীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

 এই ঘটনাক কেন্দ্র কৰি সমগ্র ওড়িশাত সৃষ্টি হয় প্রতিক্রিয়া৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি বিক্রম বাৰুলী নামৰ লোকজনে মটৰচাইকেলত ৮ মহীয়া গর্ভৱতী পত্নীক লৈ যোৱা সময়তে বাক্ছালাই বাৰুলিক হেলমেট পৰিধান নকৰা বাবে জৰিমনা বিহে আৰু তিনি কিলোমিটাৰ পথ খোজকাঢ়ি যাবলৈ বাধ্য কৰায়৷

You might also like