নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব বিতৰ্কত সোমাল মালালা, দেশৰ নেতৃত্বক ক’লে…

দেশত এতিয়া হিজাব বিতর্ক আৰম্ভ হৈছে। স্কুল, কলেজত হিজাব পৰিধান কৰাক লৈ আৰম্ভ হোৱা বিতৰ্ক শেষ হোৱাতো দুৰৰ কথা, ক্ৰমান্বয়ে এখনৰ পাছত আনখন ৰাজ্যলৈ বিয়পিছে। পৰিস্থিতি এতিয়া এনে হৈছে যে তিনি দিনৰ বাবে কৰ্ণাটকৰ সকলো স্কুল, কলেজ বন্ধ কৰাৰ নির্দেশ দিছে মুখ্যমন্ত্রীয়ে। আজি এই আৱেদনৰ শুনানি আছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত। ইয়াৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালালা ইউছফজায়ে।

কন্য়াৰ শিক্ষাৰ অধিকাৰৰ হৈ মাত মাতি তালিবান সন্ত্ৰাসবাদীৰ গুলি বুকু পাতি লোৱা মালালাই টুইটাৰত ক’লে- কলেজে আমাক শিক্ষা আৰু হিজাবৰ মাজত যিকোনো এটা বাছি ল’বলৈ হেঁচা দিছে। হিজাব পিন্ধা বাবে ছাত্ৰীক স্কুললৈ যাবলৈ নিদিয়া এক ভয়াৱহ কাণ্ড। মহিলাৰ পোছাকক উদ্দেশ্য় কৰি লোৱা কথাৰো তেওঁ বিৰোধ কৰিছে। ন’বেল বিজয়ী মালালাই মুছলিম মহিলাক উপেক্ষা কৰা এই বিষয়টোত ভাৰতৰ শীৰ্ষ নেতৃত্বৰ হস্তক্ষেপ বিচাৰিছে।

You might also like