নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী উদ্যোগীৰে নিকাহ শান্তিৰ ন’বেল বিজয়ী মালালাৰ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ বিষয়ববীয়া তথা উদ্যোগী আছিৰ মালিকৰ সৈতে নিকাহ সম্পন্ন কৰিলে শান্তিৰ ন’বেল বঁটা বিজয়ী সমাজকর্মী মালালা ইউছুফজায়ে৷ গ্রেট ব্রিটেইনৰ বার্মিংহামত অতি অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত ন’বেল বিজয়ী মালালাই তেওঁৰ দীর্ঘদিনীয়া সংগী লাহোৰৰ উদ্যোগী আছিৰ মালিকৰ সৈতে নিকাহ সম্পন্ন কৰে৷ মালালাই তেওঁৰ নিকাহৰ আলোকচিত্র টুইটাৰযোগে প্রকাশ কৰিছে৷ স্বামী আছিৰ মালিক আৰু পৰিয়ালৰ লোকৰ সৈতে অনুষ্টুপীয়া নিকাহৰ আলোকচিত্র প্রচাৰ কৰি সমাজকর্মী মালালাই কয়– ‘মোৰ জীৱনৰ বাবে এয়া এক আনন্দৰ দিন৷ আছিৰ আৰু মই জীৱনৰ সংগী হিচাপে নিকাহ সম্পন্ন কৰিলোঁ৷’

উল্লেখ্য যে ২৪ বছৰীয়া মালালা ইউছুফজাইক ১৫ বছৰ বয়সত পাকিস্তানত তালিবানৰ সদস্যই গুলীয়াই আহত কৰাৰ পিছত কিশোৰীগৰাকীয়ে গ্রেট ব্রিটেইনত চিকিৎসাৰ বাবে বাহৰ পতাৰ পিছত তাতেই ৰাজনৈতিক আশ্রিত হিচাপে বসবাস কৰি আছে৷ তালিবানৰ দমন নীতিক প্রত্যাহ্বান জনাই শিক্ষাকে ধৰি বিভিন্ন সমাজসেৱাত জড়িত হৈ থকা মালালা ইউছুফজাইক ২০১৪ চনত শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হয়৷ ভাৰতীয় শিশু অধিকাৰ কর্মী কৈলাস সত্যার্থীৰ সৈতে যুটীয়াভাৱে শান্তিৰ ন’বেল বঁটা লাভ কৰা মালালা এই বঁটা লাভ কৰা কনিষ্ঠতম বিজয়ী৷ গ্রেট ব্রিটেইনৰ বার্মিংহামত মালালাই দ্বিতীয় ঘৰ হিচাপে বসবাস কৰি আহিছে৷ অক্সফ’ড বিশ্ববিদ্যালয়ত অধ্যয়নৰ অন্তত মালালাই বিশ্বৰ বিভিন্ন দেশত মানৱ অধিকাৰ কর্মী হিচাপে সেৱা আগবঢ়াই আছে৷ ইপিনে, তেওঁৰ স্বামী আছিৰ মালিক লাহোৰ বিশ্ববিদ্যালয়ৰ পৰা মেনেজমেণ্ট ছায়েঞ্চৰ ডিগ্রীধাৰী৷ মালিক পাকিস্তানী ছুপাৰ লীগৰ এটি দলৰ অন্যতম স্বত্বাধিকাৰী৷

You might also like