নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আজি ইলেক্ট্রিক স্কুটাৰত উঠি সচিবালয় নবান্নলৈ যাত্রা কৰি সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ মন্ত্রী ফিৰহাদ হাকিমৰ স্কুটীৰ পিছফালে বহি লয় মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ এই স্কুটীখন আছিল এখন বৈদ্যুতিক স্কুটী৷
লক্ষণীয়ভাৱে নিজৰ ডিঙিত ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত এখন প্লে কার্ড আঁৰি লয় মুখ্যমন্ত্রী বেনার্জীয়ে৷ নেত্রীগৰাকীৰ এনে কাণ্ডই ৰাষ্ট্রীয় সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰিছে৷