নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলঅ’চিত সুস্থিৰতা ৰক্ষাৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ভাৰত–পাকিস্তানে নিয়ন্ত্রণৰেখা (এল’চি)ত সুস্থিৰ অৱস্থা অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে৷ দুয়োখন দেশৰ ডিৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপৰাচেন (ডিজিএম’) পর্যায়ৰ আলোচনা অনুষ্ঠিত হয় হটলাইন ব্যৱস্থাত৷ এক যৌথ বিবৃতিত উভয় পক্ষই এল’চিৰ পৰিস্থিতি পর্যালোচনা কৰি সুস্থিৰ অৱস্থা অব্যাহত ৰখাৰ ক্ষেত্রত সহমত পোষণ কৰে৷

স্মর্তব্য যে বিভিন্ন সময়ত এল’চিত ভাৰত–পাকিস্তানে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷

You might also like