নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ পূর্বে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কেইবাগৰাকীও অ–বিজেপি নেতাক এই মুহূর্তত ঐক্যবদ্ধ হ’বলৈ এখন পত্রৰে আহ্বান জনাইছে৷ তিনি পৃষ্ঠাৰ এই পত্রখনত বেনার্জীয়ে বিজেপিৰ বিৰুদ্ধে কঠোৰ অভিযোগ আনি কৈছে যে গেৰুৱা দলটোৱে দেশৰ সাংবিধানিক যুক্তৰাষ্ট্রীয়তাবাদ আৰু গণতন্ত্রক আঘাত কৰিছে৷ ভাৰতত বিজেপিয়ে এক দলীয় প্রভুত্ববাদী শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা বুলিও উল্লেখ কৰিছে নেত্রীগৰাকীয়ে৷ গতিকে দেশৰ গণতন্ত্রক ৰক্ষাৰ বাবেই মমতা বেনার্জীয়ে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে এই পত্রখনৰ জৰিয়তে৷ এই পত্রখন মমতাই প্রেৰণ কৰিছে ছোনিয়া গান্ধী, শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে, অৰবিন্দ কেজৰিৱাল, তেজস্বী যাদৱ, অখিলেশ যাদৱ, এম কে ষ্টেলিন প্রমুখ্যে নেতা–নেত্রীসকললৈ৷