হুগলিত পুনৰ মোদী–শ্বাহক তীব্র কটাক্ষ মমতা বেনার্জীৰ
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ বিধানসভাৰ চতুর্থ পর্যায়ৰ নির্বাচনৰ পূর্বে হুগলি জিলাৰ শ্রীৰামপুৰত আজি বিজেপিক তীব্র কটাক্ষ কৰি তৃণমূল কংগ্রেছৰ শীর্ষ নেত্রী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কৈছে যে নৰেন্দ্র মোদী আৰু অমিত শ্বাহে ঢ়োকলা খাব৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্রেছে নির্বাচনত খাব ৰসগোল্লা৷ পশ্চিমবংগৰ যুৱতীসকলেই তেওঁৰ দুই ভৰি আগৰফালে বঢ়াই নিব বুলিও উল্লেখ কৰে মমতাই৷ এইবাৰ পশ্চিমবংগ বিধানসভাৰ নির্বাচন অতিকে গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মমতাই কয় যে চিকিৎসকৰ পৰামর্শ সত্ত্বেও সেইবাবে তেওঁ বিশ্রাম লোৱা নাই৷ লক্ষণীয়ভাৱে সমগ্র দেশত দুই কোটি কর্মহীন যুৱক–যুৱতী থকা বুলি উল্লেখ কৰি মমতাই পশ্চিমবংগত ৪০ শতাংশ নিবনুৱা হ্রাস পাইছে বুলিও আজি নির্বাচনী সমাৱেশত উল্লেখ কৰে৷ ইফালে, বিমুদ্রাকৰণৰ জৰিয়তে মোদীয়ে সমগ্র দেশৰ মাতৃ–ভগ্ণীসকলক সংকটৰ সন্মুখীন কৰাইছে বুলিও উল্লেখ কৰে নেত্রীগৰাকীয়ে৷