নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবি নির্মাতা সন্তোষৰ পত্নী–কন্যাৰ আত্মজাহ

মুম্বাইৰ আন্ধেৰীৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ বলীউডৰ ছবি নির্মাতা সন্তোষ গুপ্তাৰ পত্নী আৰু কন্যাই সোমবাৰে নিশা আত্মজাহ যোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৫৫ বছৰীয়া অস্মিতা গুপ্তা আৰু তেওঁৰ দুহিতা সৃষ্টি গুপ্তাই সোমবাৰে নিশা আন্ধেৰীস্থিত বাসভৱনত নিজ শৰীৰত জুই লগাই আত্মহত্যা কৰে৷ মুম্বাই আৰক্ষীয়ে আজি সদৰী কৰিছে এই তথ্য৷ আন্ধেৰীৰ ডিএন নগৰত নিজ বাসভৱনত দুই মাতৃ–কন্যাই আত্মহত্যা কৰে যদিও এই খবৰ সংবাদ মাধ্যমত বহু পলমকৈ প্রকাশ পায়৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অস্মিতাই দীর্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি আছিল৷ মাতৃৰ অসুস্থতাক লৈ হতাশাত ভুগিছিল সৃষ্টি গুপ্তাই৷ গতিকে দুয়োগৰাকীয়ে এই চৰম পদক্ষেপ গ্রহণ কৰে বুলি ধাৰণা কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ জ্যেষ্ঠ আৰক্ষী বিষয়া ভাৰত গাইকোৱাড়ে উল্লেখ কৰা অনুসৰি এই ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে যদিও সন্দেহজনক কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই৷

You might also like