নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীক লাগে সতীত্বৰ প্ৰমাণ, জুইত হাত জ্বলাই দিয়াৰ পাছতো নিশ্চুপ পত্নী

বিশেষ বাৰ্তা, ২ মেঃ এইখন হৈছে ৰামায়ণ-মহাভাৰতৰ দেশ। ইয়াত ভগৱান ৰামৰ পত্নীয়েও দিবলগীয়া হৈছিল সতীত্বৰ অগ্নিপৰীক্ষা। আজিৰ এই যুগতো এগৰাকী পত্নীয়ে নিজৰ হাত জুইত জ্বলাই সতীত্বৰ প্ৰমাণ দিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো কৰ্ণাটকৰ। তৰুণী স্ত্ৰীৰ ওপৰত সন্দেহ স্বামীৰ আনন্দৰ। গতিকে বিভিন্ন সময়ত পত্নীৰ ওপৰত আনন্দে চলাই আহিছে আতিশয্য। ইমানতে ক্ষান্ত নাথাকি মহিলাগৰাকীক জুইত হাত থ’বলৈ বাধ্য কৰায় আনন্দে। গুৰুতৰভাবে আহত হোৱাৰ পাছতো মহিলাগৰাকীয়ে ভয়তে কাকো জনোৱা নাছিল কথাটো। শেষত স্বেচ্ছাসেৱী সংগঠন এটাই নিজাববীয়াকৈ অভিযোগ দাখিল কৰিছে। ইয়াৰ পাছৰ পৰাই আনন্দ পলাতক।

You might also like