মাস্ক নাই ! সেয়ে জৰিমনাৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰিলে পত্নীৰ পেটিকোট
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ এক অদ্ভুত ঘটনা। কেৱল জৰিমনাৰ পৰা বাচিবৰ বাবে এই উপায় অৱলম্বন । মধ্য প্ৰদেশৰ দামোহৰ এজন মানুহে নিজৰ পত্নীৰ পেটিকোট মাস্ক হিচাপে ব্যৱহাৰ কৰিলে।
ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। মধ্যপ্ৰদেশত দিনক দিনে বৃদ্ধি হৈ আছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। যাৰ পৰিপেক্ষিতত চৰকাৰ কঠোৰ হৈছে। আৰু মাস্ক পিন্ধাটো অনিবাৰ্য কৰিছে।
উল্লেখ্য যে দেওবাৰে মধ্যপ্ৰদেশত লকডাউন চলি আছিল। সেই সময়ত আৰক্ষীয়ে সেই সকল লোকক বিচাৰি ফুৰিছিল যি সকল লোকে মুখত মাস্ক পিন্ধা নাছিল।
সেই সময়ত এজনে নিজ মটৰ চাইকেলেৰে গৈ থাকোতে দেখা পালে যে আৰক্ষীয়ে জৰিমনা বিহি আছে যি সকলে মুখত মাস্ক ব্যৱহাৰ কৰা নাই। মানুহ জনে জৰিমনা পৰা বাচিবলৈ বেগৰ পৰা পত্নীৰ পেটিকোটো উলিয়াই মুখখন ঢাকি লৈছিল। এই বাতৰি বিয়পি পোৱাৰ লগে লগে আচৰিত হৈছে সকলো।