নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীৰ টিবি পৰীক্ষা বাধ্যতামূলকঃ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: ক’ভিডত আক্রান্ত সকলো ৰোগীৰ টিবি পৰীক্ষা আৰু টিবি ৰোগীৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এক বিবৃতিযোগে এই নির্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে দেশজুৰি ক’ভিড ৰোগীৰ সংখ্যা বর্ধিত হোৱাৰ সমান্তৰালতকৈ টিবিত আক্রান্তও বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই সিদ্ধান্তক অনুমোদন জনাইছে৷

লক্ষণীয় যে ক’ভিডত আক্রান্ত ৰোগীৰ দেহত টিবিৰ লক্ষণ আৰু টিবি ৰোগীৰ দেহত শেহতীয়াকৈ ক’ভিডৰ লক্ষণ ধৰা পৰাৰ পাছতেই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ক’ভিড পৰীক্ষা আৰু টিবি পৰীক্ষা বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে৷

You might also like