নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোবল

ৰোগে শৰীৰটোক দুর্বল কৰি তুলিলে মানুহজনক পুষ্টিকৰ আহাৰ খাবলৈ উপদেশ দিয়া হয়৷ মনটো যেতিয়া দুর্বল হয়, তেতিয়া কি কৰিব লাগিব? মনটোকো দিব লাগিব মনোবল বৃদ্ধি কৰিব পৰা জ্ঞানগর্ভ উপদেশ তাৰ লগত যোগ হ’ব লাগিব জীৱন্ত উদাহৰণ৷
দুয়োটা বস্তুৰে প্রধান উৎস হ’ল কিতাপ৷
ৰোগ আৰু যন্ত্রণাৰ বিৰুদ্ধে সংগ্রামেই হৈছে মানৱ জাতিৰ আটাইতকৈ দীঘলীয়া আৰু বিৰামবিহীন সংগ্রাম৷ এই সংগ্রামত লাভ কৰা যিকেইটা চমকপ্রদ বিজয়ে মানৱ জাতিক অশেষ যাতনা আৰু আতংকৰ পৰা মুক্তি দিছে, সেইবোৰৰ ভিতৰত লুই পেষ্টিউৰৰ যুগান্তকাৰী আৱিষ্কাৰকেইটা বিশেষভাৱে উল্লেখযোগ্য৷ এই পৃথিৱীত যিমানদিনলৈকে মানুহ থাকিব, সিমান দিনলৈকে লুই পেষ্টিউৰৰ নামো স্মৰণীয় হৈ থাকিব৷ (মই লুই পেষ্টিউৰৰ এখন চমু জীৱনী লিখিছোঁ)৷
লুই পেষ্টিউৰৰ জীৱনৰ এটা অধ্যায়ৰ বিষয়ে লুই উইণ্টাৰমেয়াৰে লিখিছে– ‘লুই পেষ্টিউৰৰ জীৱন যেতিয়া নানা অসুখ–শান্তি আৰু প্রিয়–বিচ্ছেদৰ যন্ত্রণাৰে পৰিপূর্ণ হৈ উঠিছিল, ঠিক সেই সময়তেই তেওঁ জীৱনৰ সর্বশ্রেষ্ঠ বৈজ্ঞানিক আৱিষ্কাৰবোৰ কৰিছিল৷ ১৮৫৯ চনত তেওঁৰ ডাঙৰ জীয়েকৰ টাইফাছ ৰোগত মৃত্যু হয়৷ মাত্র দুবছৰৰ পিছতে তেওঁৰ নুমলীয়া জীয়েক কেমিলিৰো মৃত্যু হয়৷ তাৰ আঠ মাহৰ পিছতে বাৰ বছৰীয়া পুতেক চেচিলেও মাত্র কেইদিনমান সন্নিপাত ৰোগত ভুগি প্রাণ হেৰুৱায়৷ কঠোৰ পৰিশ্রমে পেষ্টিউৰক ইতিমধ্যে প্রায় আধামৰা কৰি পেলাইছিল৷ এতিয়া ইটোৰ পিছত সিটোকৈ সন্তানৰ মৃত্যুৰ আঘাতে তেওঁক পক্ষাঘাতগ্রস্ত কৰি পেলালে৷ মগজুৰ ভিতৰত ৰক্তক্ষৰণ হোৱাৰ ফলত তেওঁ মুখেৰে কথা ক’ব নোৱৰা হ’ল৷ বাঁওহাতখনো অসাৰ হৈ পৰিল৷ যন্ত্রণাত কেঁকাই কেঁকাই তেওঁ ক’লে– ‘হাতখন সীহৰ নিচিনা গধুৰ হৈ শৰীৰৰ ওপৰত বোজা হৈ পৰিছে৷ কোনোবাই হাতখন কাটি দিলেই মই ৰক্ষা পৰোঁ৷’
কিন্তু এনে অৱস্থাতো ধৈর্য আৰু আত্মসংযমে তেওঁক লগ এৰা নিদিলে৷ তেওঁ নিশ্চিতভাৱে জানিছিল যে কিতাপৰ মাজতেই তেওঁ বিচাৰি পাব তেওঁৰ পক্ষাঘাত আৰু যন্ত্রণাৰ মহৌষধ৷ গভীৰ মনোযোগসহকাৰে তেওঁ দুখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে৷ কিতাপ দুখন আছিল ছেমুৱেল স্মাইলছৰSelf-Help আৰু বোছেৰOf The Konwledge of God and of Self৷ কিতাপ দুখন পঢ়ি তেওঁ হেৰোৱা মনোবল ঘূৰাই পালে৷ দেহ আৰু মনৰ সকলো দুর্বলতাৰ পৰা তেওঁ অচিৰেই নিৰাময় লাভ কৰিলে৷’
হেৰুওৱা মনোবল ঘূৰাই পোৱাৰ আশাত ময়ো কিছুমান বছা বছা কিতাপৰ পাত লুটিয়াওঁ৷ মই পঢ়া তেনেকুৱা দুটা সত্য কাহিনী তলত দিলোঁ৷
ৱাল্টাৰ ডেভিছ নামৰ এজন মানুহ ল’ৰাকালতে পক্ষাঘাত ৰোগত আক্রান্ত হ’ল, যাৰ ফলত তেওঁৰ দুয়োখন ভৰি প্রায় অকামিলা হৈ পৰিল৷ চিকিৎসকে ঘোষণা কৰিলে যে তেওঁ কেতিয়াও খোজকাঢ়িব নোৱাৰিবও পাৰে৷ কিন্তু তেওঁৰ মাকৰ মনৰ ভাব আছিল বেলেগ৷ পুতেকক খোজকাঢ়িব পৰা কৰিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞ৷ তেওঁ ইমান ধৈর্য আৰু যত্নৰে পুতেকৰ ভৰি দুখন সবল কৰি তুলিবলৈ কঠোৰ সাধনা আৰম্ভ কৰিলে যে কিছুদিনৰ ভিতৰতে ল’ৰাটোৱে লাহে লাহে খোজকাঢ়িব পৰা হ’ল৷ এদিন তেনেকৈ তেওঁ আলিবাটেৰে খোজকাঢ়ি গৈ থাকোঁতে এজন ল’ৰাই ওখ জাঁপ মৰাৰ High Jump) অনুশীলন কৰি থকা দেখিবলৈ পালে৷ ৱাল্টাৰ ডেভিছে কিছু সময় নীৰৱে ওখ জাঁপৰ অনুশীলন কৰি থকা ল’ৰাজনলৈ চাই ৰ’ল৷ সেই দৃশ্যটোৱে তেওঁক ইমান মুগ্ধ কৰিলে যে তেওঁ মনে মনে ওখ জাঁপ মাৰিব পৰা ব্যায়াম বীৰ হ’বলৈ সংকল্প ল’লে৷ কেৱল সংকল্প লৈয়ে ক্ষান্ত হৈ নাথাকি তেওঁ ওখ জাঁপ মৰাৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰি দিলে৷ অতি কম সময়ৰ ভিতৰতে তেওঁ ওখ জাঁপ মাৰিব পৰা হ’ল৷
কিন্তু ওখ জাঁপ কেৱল মাৰিলেই যথেষ্ট নহ’ব ওখ জাঁপৰ প্রতিযোগিতাত তেওঁ আনৰ লগত সমানে অংশ ল’ব পাৰিব লাগিব৷ কিন্তু তেওঁ অনুভৱ কৰিলে যে তেওঁৰ পক্ষে প্রতিযোগিতাত অংশ লোৱাটো বোধহয় সম্ভৱ নহ’ব, কাৰণ তেওঁৰ ভৰি দুখন এতিয়াও খুব দুর্বল হৈ আছে৷ ভৰি দুখন সবল কৰিবলৈ তেওঁ অবিৰামভাৱে চেষ্টা কৰিবলৈ ধৰিলে৷ এনে সময়তে তেওঁৰ বিয়া হ’ল৷ নৱবিবাহিত পত্নীয়ে কেইদিনমানৰ ভিতৰতে তেওঁৰ স্বামীৰ উচ্চাকাংক্ষা জানিব পাৰিলে৷ ডেভিছৰ ব্যায়াম কৰাৰ দৃশ্য চাই চাই এদিন পত্নীয়ে তেওঁক ক’লে– ‘ৱাল্টাৰ, কেৱল ভৰি দুখনক সবল কৰিয়েই তুমি তোমাৰ উচ্চাকাংক্ষা পূৰণ কৰিব নোৱাৰিবা৷ তুমি আচলতে সবল কৰিব লাগিব তোমাৰ মনটো৷ কেৱল তোমাৰ সবল মনটোৱেহে তোমাৰ ভৰি দুখনলৈ প্রয়োজনীয় শক্তি সঞ্চাৰ কৰিব পাৰিব৷’ পত্নীয়ে তেওঁৰ স্বামীক ক’লে যে শক্তি আহিব তোমাৰ বিশ্বাসৰ পৰাহে৷ তুমি যদি দৃঢ়ভাৱে বিশ্বাস কৰা যে তোমাৰ ভৰি দুখন শক্তিশালী হ’বই হ’ব, তেতিয়াহ’লে এদিন তোমাৰ ভৰি দুটা নিশ্চয় সবল হ’বই৷
পত্নীৰ কথাত ৱাল্টাৰ ইমান পতিয়ন গ’ল যে এদিন তেওঁ ওখ জাঁপৰ আন্তর্জাতিক প্রতিযোগিতাত অংশ ল’ব পৰা হ’ল৷ যিজন ল’ৰাই কেতিয়াও খোজকাঢ়িব নোৱাৰিব বুলি ডাক্তৰে ভৱিষ্যদ্বাণী কৰিছিল, সেই ল’ৰাজন এদিন ওখ জাঁপৰ প্রতিযোগিতাত বিশ্ব চেম্পিয়ন হ’ল৷ এই অসম্ভৱ কেনেকৈ সম্ভৱ হ’ল? সম্ভৱ হ’ল কেৱল অবিচলিত বিশ্বাসৰ জোৰত৷
দ্বিতীয় কাহিনীটো আৰু বেছি শিক্ষাদায়ক৷ মেথিউ জেফার্ছ ইমান অভিশপ্ত হৈ জন্মগ্রহণ কৰিছিল যে শ্বাসযন্ত্রৰ এটা জটিল সমস্যা দূৰ কৰিবলৈ ৫ মাহ বয়সতে তেওঁৰ কেইবাটাও জটিল অস্ত্রোপচাৰ কৰিব লগা হ’ল৷ দহ বছৰ বয়সত সপ্তাহত এটাকৈ এমাহৰ কাৰণে তেওঁৰ শৰীৰত অতি যন্ত্রণাদায়ক অস্ত্রোপচাৰ কৰিব লগা হ’ল৷ কিছুদিনৰ পিছতে ডাক্তৰসকলে আৱিষ্কাৰ কৰিলে যে অতি সোনকালে তেওঁৰ শৰীৰৰ বৃদ্ধি থমকি ৰ’ব আৰু তেওঁ পৰিণত হ’ব এজন বাওনাত৷ সেই পৰিণতিৰ পৰা মেথিউক ৰক্ষা কৰিবলৈ ডাক্তৰসকলে তেওঁৰ শৰীৰত ২০বাৰ অতি জটিল আৰু যন্ত্রণাদায়ক অস্ত্রোপচাৰ কৰিবলৈ বাধ্য হ’ল৷ পৰিস্থিতি আৰু অধিক বেয়ালৈ গৈ থকাৰ সময়তে মেথিউৰ মাকৰ মূৰত আৱিষ্কাৰ হ’ল কেঞ্চাৰ সৃষ্টি কৰা এটা টেমুনা৷ মেথিউজৰ শাৰীৰিক বৃদ্ধি চাৰি ফুট ২ ইঞ্চিত স্তব্ধ হ’ল৷ অর্থাৎ তেওঁ হ’ল বিভিন্ন প্রকাৰৰ যন্ত্রণাত জর্জৰিত এজন বাওনা মানুহ৷
মেথিউজ আছিল বাস্কেট বলৰ নামত উন্মাদ৷ ২০১২ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত এখন বাস্কেট বলৰ প্রতিযোগিতাত মেথিউজে সমর্থন কৰা দলটো পৰাজিত হোৱাৰ উপক্রম হ’ল৷ একেলেথাৰিয়ে কেইবাখনো খেলত পৰাজিত হৈ দলটোৰ মনোবল সম্পূর্ণভাৱে ভাগি পৰিল৷ কিন্তু অপ্রত্যাশিতভাৱে পোৱা এটা ই–মেইল বার্তাই হেৰোৱা মনোবল ঘূৰাই পাবলৈ তেওঁলোকক এনেভাৱে সহায় কৰিলে যে নতুন বলেৰে বলীয়ান হৈ তেওঁলোক চূড়ান্ত প্রতিযোগিতাত জয়লাভ কৰিবলৈ সমর্থ হ’ল৷ ই–মেইল বার্তাটো আহিছিল নিজৰ শৰীৰটো ভগ্ণস্তূপত পৰিণত হোৱা মেথিউজ জেফার্ছৰ পৰা৷ মেথিউজ জেফার্ছে তেওঁক ই–মেইল বার্তাত লিখিছিল–The only disability in life is a bad attitude.

You might also like