নিয়মীয়া বাৰ্তা ২০ জুনঃ মহামাৰী ক’ভিড–১৯ৰ বাবে পিছুৱাই দিয়া ৰাজ্যসভাৰ নির্বাচনৰ আঠখন ৰাজ্যৰ ১৯খন আসনৰ ভোটগ্রহণ শুকুৰবাৰে সুকলমে সম্পন্ন হয়৷ নির্বাচনৰ প্রাক্মুহূর্তত গুজৰাট, মধ্যপ্রদেশ আৰু মণিপুৰত ৰাজ্যনৈতিক নাটক চলে যদিও শুকুৰবাৰৰ পুৱা ৯ বজাৰ পৰা ৰাজ্যসমূহৰ বিধানসভাৰ ভোটদান আৰম্ভ হৈ বিয়লি ৪ বজাত সামৰণি পৰে৷ ক’ভিড–১৯ত আক্রান্ত মধ্যপ্রদেশৰ কংগ্রেছ বিধায়ক এগৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পিপিই কিট পিন্ধি এম্বুলেঞ্চ লৈ বিধানসভালৈ আহে৷ মধ্যপ্রদেশ যুৱ কংগ্রেছৰ সভাপতি তথা কালাপিপ’ল সমষ্টিৰ বিধায়ক ৩৭ বছৰীয়া কুণাল চৌধুৰীয়ে স্বাস্থ্য বিভাগৰ কর্মীৰ এছকোর্টত আহি ভোটদান কৰিয়েই আঁতৰি যায়৷ ইপিনে, গুজৰাটত কংগ্রেছী বিধায়ক ৱাজিদ আলীয়ে কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰি নির্বাচনত ভোটদান কৰাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে অপৰাধমূলৰ গোচৰ ৰুজু কৰিবলৈ ৰিটার্নিং বিষয়াক বিজেপিৰ বিধায়ক ৰামলাল শর্মাই অভিযোগ উত্থাপন কৰিছে৷
শুকুৰবাৰে অনুষ্ঠিত ৮ ৰাজ্যৰ ১৯খন আসনৰ ভিতৰত গুজৰাটৰ চাৰিখন, অন্ধ্রপ্রদেশৰ চাৰিখন, ৰাজস্থানৰ তিনিখন, মধ্যপ্রদেশৰ তিনিখন, ঝাড়খণ্ডৰ দুখন, মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ এখনকৈ আসন আছে৷ নির্বাচনৰ শেহতীয়া ফলাফল অনুসৰি মেঘালয়ৰ একমাত্র আসনখনত নেচনেল পিপ’লছ পার্টীয়ে জয়লাভ কৰিছে৷ শাসকীয় এনপিপিৰ জয়ী প্রার্থীগৰাকী হৈছে ডাঃ ডব্লিউ আৰ খাৰলুখি৷ মিজোৰামৰ একমাত্র ৰাজ্যসভাৰ আসনখনত বিজয়ী হৈছে এম এন এফৰ কে বনলালভেনা৷ তাৎপর্যপূর্ণ যে ৰাজ্যসভাৰ নির্বাচনক লৈ কংগ্রছৰ মাজত ফাট মেলা মধ্যপ্রদেশৰ বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিছে এখন আসন৷ বিজেপিৰ বিজয়ী প্রার্থী দুগৰাকী হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সুমেৰ সিং ছোলাংকী৷ কংগ্রেছৰ বিজয়ী প্রার্থী হৈছে প্রবীণ নেতা দিগ্বিজয় সিং৷ নির্বাচনত সমাজবাদী প্রার্থী বিধায়ক ৰাজেশ শুক্লাই বিজেপিৰ প্রার্থীক ভোট দিয়াৰ বাবে দলটোৰ পৰা বিধায়কগৰাকীক নিলম্বন কৰিছে দলটোৰ মুৰব্বী অখিলেশ যাদৱে৷
আনপিনে, ৰাজস্থানত শাসকীয় কংগ্রেছে দুখন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে এখন আসন৷ কংগ্রেছৰ বিজয়ী প্রার্থী দুগৰাকী হৈছে কে চি বেণুগোপাল আৰু নিৰজ দাংগী৷ বিজেপিৰ নির্বাচিত প্রার্থীগৰাকী হৈছে ৰাজেন্দ্র গেহলট৷ অন্ধ্রপ্রদেশৰ চাৰিখন আসনতেই শাসকীয় ৱাই এছ আৰ–কংগ্রেছ বিজয়ী হৈছে৷ বিজয়ী প্রার্থীকেইগৰাকী হৈছে উপ–মুখ্যমন্ত্রী পিল্লি সুভাষ চন্দ্র বসু, মন্ত্রী ম’পীদেৱী ভেংকটৰমন, উদ্যোগপতি পৰিমল নাথৱানি আৰু অযোধ্যা ৰামীৰেড্ডী৷ নির্বাচনৰ পূর্বে ৰাজনৈতিক সংকটত পৰা বিজেপিশাসিত মণিপুৰৰ আসনখন লাভ কৰে বিজেপিয়ে৷ বিজেপিৰ প্রার্থী লেইচেম্বা চানাজাউৱাই কংগ্রেছ প্রার্থী টি মাংগি বাবুক পৰাজিত কৰে৷ বিজেপিৰ প্রার্থীগৰাকীয়ে লাভ কৰে ২৮টা ভোট৷ ঝড়খণ্ডৰ দুখন অসনৰ একোখনকৈ লাভ কৰে বিজেপি আৰু জে এম এমে৷ বিজেপিৰ বিজয়ী প্রার্থীগৰাকী হৈছে দীপক প্রকাশ আৰু জে এম এমৰ প্রার্থীগৰাকী হৈছে প্রাক্তন মুখ্যমন্ত্রী তথা জে এমৰ প্রতিষ্ঠাতা শিবু ছোৰেন৷ পলমকৈ ভোটগণনা আৰম্ভ হোৱা গুজৰাটৰ চাৰিখন আসনৰ ভিতৰত তিনিখন বিজেপিয়ে লাভ কৰাৰ বিপৰীতে এখন আসন লাভ কৰে কংগ্রেছে৷ বিজেপিৰ বিজয়ী প্রার্থীকেইগৰাকী হৈছে– অভয় ভৰদ্বাজ, ৰামীলা বাৰা আৰু নৰহৰি আমিন৷ কংগ্রেছৰ প্রার্থীগৰাকী হৈছে শক্তি সিং গহিল৷