নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ আৰ্শীবাদ! দুগৰাকী প্ৰেয়সীৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব এই জন ব্যক্তি

নিয়মীয়া বাৰ্তা ২২ জুনঃ  এক আচৰিত ঘটনা পোহৰলৈ আহিছে। পত্নীৰ সহমতত স্বামীয়ে নিজৰ দুজনী প্ৰেমিকাৰ লগত বিবাহত আবদ্ধ হ’ব। এই ঘটনাটো যথেষ্ট চৰ্চাত আছে। ঘটনাটো জাৰ্মানীৰ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে ২০১২ চনত জাৰ্মানীৰ কৌলন চহৰৰ মাৰ্ক চেন্ট ছিলভাই আইনী ভাৱে ডেনিএলাক বিবাহ কৰোৱায়। কিন্তু তাৰ মাজতেই মাৰ্ক চেণ্ট ছিলভাই ঘোষণা কৰে যে নিজৰ পত্নীৰ সৰ্মথনত অতি সোনকালে দুগৰাকী প্ৰেমিকাৰ লগত বিবাহত বহিব।

মাৰ্কৰ মতে ২০১৯ চনত জেচিকা আৰু কামিলীৰ লগত চিনাকি হৈছিল। তাৰ পিছত তিনিজনৰে মাজত প্ৰেম হয়। ইয়াৰ পিছতেই মাৰ্কে নিজৰ দুজনী প্ৰেমিকাক পত্নীৰ সৈতে চিনাকী কৰি দিয়ে। তাৰ পিছক মাৰ্কৰ পত্নীৰ সৈতে জেচিকা আৰু কামিলীৰ ভাল সম্বন্ধ গঢ়ি উঠে।

এতিয়া মাৰ্কৰ পত্নীও বিবাহৰ বাবে সন্মতি প্ৰদান কৰিছে। প্ৰথমা পত্নীৰ পৰা মাৰ্কৰ দুই সন্তানো আছে।

দুগৰাকী প্ৰেয়সীৰ সৈতে বিবাহ এতিয়া সমগ্ৰ অঞ্চলটোতেই চৰ্চাৰ বিষয় হৈ পৰিছে। মাৰ্কৰ মতে এই সম্বন্ধটো বেলেগ সম্বন্ধতকৈ বহুত বেলেগ নহয় মাত্ৰ তিনিজন লোকৰ মাজত এক সম্বন্ধহে।  এনে বিবাহ দেখি বহু পুৰুষ জ্বলে গতিকে কোনোৱে যাতে সম্বন্ধত আউল নলগায় তাৰে কামনা কৰিছে মাৰ্কে।

You might also like