মঙলত নাছাই উৰুৱাব হেলিকপ্টাৰ ‘ইঞ্জিনুইটি’
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ৰঙা গ্রহ মঙললৈ পাৰছেভাৰেন্স ৰ’ভাৰ প্রেৰণ কৰি গ্রহটো সন্দর্ভত বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই থকা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আগন্তুক এপ্রিল মাহৰ আৰম্ভণিৰে পৰা গ্রহটোৰ আকাশত হেলিকপ্ঢাৰ উৰুওৱাৰ সংকল্প লৈছে৷ নাছাৰ বিশেষজ্ঞসকলে ইতিমধ্যে মঙলত হেলিকপ্টাৰ উৰুওৱাৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷
উল্লেখনীয় যে পাৰছেভাৰেন্স ৰ’ভাৰেই মঙলপৃষ্ঠলৈ কঢ়িয়াই নিছিল এখন ক্ষুদ্র হেলিকপ্ঢাৰ৷ এমাহ পূর্বে মঙলৰ জেজেৰ’ গহ্বৰ অঞ্চলত ৰ’ভাৰটোৱে অৱতৰণ কৰাৰ পিছৰে পৰা এই হেলিকপ্ঢাৰখন ইয়াৰ লগতেই আছে৷ ১.৮ কিলোগ্রাম ওজনৰ এই হেলিকপ্টাৰ খনৰ নাম ‘ইঞ্জিনুইটি’৷ টুইন–ৰ’টৰ এই হেলিকপ্ঢাৰখনে মঙলত গৱেষণাত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি নাছাৰ বিজ্ঞানীয়ে দাবী কৰিছে৷
যদি হেলিকপ্টাৰখনে ইয়াৰ উৰণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়, তেন্তে ‘ৰাইট ভাতৃদ্বয়ৰ সময়ৰ দৰে বিৰল ঘটনা’ দেখিবলৈ পোৱা যাব বুলি নাছাই এক বিবৃতিত সদৰী কৰিছে৷ স্মর্তব্য যে ১৯০৩ চনত অৰভিল আৰু উইলবাৰ ৰাইটে মানৱ ইতিহাসত প্রথমবাৰলৈ হেলিকপ্টাৰ উৰাই অভিলেখ সৃষ্টি কৰিছিল৷ পৃথিৱীৰ পৰা বিমান কেনেদৰে আকাশত উৰিব পাৰে তাৰ প্রাথমিক তত্ত্ব ৰাইট ভাতৃদ্বয়ৰ কার্যক লৈয়েই সৃষ্টি হৈছিল৷ মঙলপৃষ্ঠটো হেলিকপ্টাৰ উৰুৱাবলৈ সক্ষম হোৱা ঘটনা ৰাইট ভাতৃদ্বয়ৰ সফলতাৰ দৰেই ঐতিহাসিক কার্যত পৰিণত হ’ব বুলিও নাছাৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ ৰক্তাভ গ্রহটোত হেলিকপ্টাৰ উৰাবলৈ নাছা সাজু হোৱাৰ মুহূর্ততে বিশ্বৰ জ্যোতির্বিজ্ঞানীসকলৰ্ কৌতূহল বৃদ্ধি পাইছে৷