নিয়মীয়া বাৰ্তা, ৪ জুন: পৰিয়ালৰ সন্মতি অবিহনে বিবাহপাশত আবদ্ধ হৈ আদালতৰ পৰা সুৰক্ষা বিচৰা এক নৱবিবাহিত দম্পতীক মাস্ক নিপিন্ধাৰ বাবে ১০ হাজাৰ টকা জৰিমনা বিহিলে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে৷
সুৰক্ষা বিচাৰি জনোৱা আবেদনত সংলগ্ন আলোকচিত্রত বিবাহৰ সময়ত মাস্ক নিপিন্ধাৰ বাবেই আদালতৰ ন্যায়াধীশ হৰিপল বর্মাৰ বিচাৰপীঠে দৰা–কইনাক ১০ হাজাৰ টকাৰ জৰিমনা বিহে৷
১৫ দিনৰ ভিতৰত হুচিয়াৰপুৰ উপায়ুক্তৰ কার্যালয়ত এই ধন জমা দিবলৈ নির্দেশ দিয়ে বিচাৰপীঠে৷