নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল নাক ঢকা অনন্য মাস্কখন, কি আছে সুবিধা

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ যোৱা দুবছৰ ধৰি ক’ভিডে গোটেই বিশ্বতে ব্যপক প্ৰভাৱ পেলাইছে। এতিয়ালৈ লক্ষ লক্ষ লোক মৃত্যুমুখত পৰিছে। ইপিনে, ক’ভিডৰ প্ৰথম আৰু প্ৰধান বিধিয়ে হ’ল মাস্ক পৰিধান। ক’বলৈ গ’লে মাস্ক এতিয়া আমাৰ জীৱনত বাধ্যতামূলক হৈ উঠিছে। কিন্তু কিছু লোকে দীর্ঘ সময় মাস্ক পিন্ধি থাকিবলগীয়া হোৱাত স্বাস্থ্য সমস্যাৰ সম্মুখীন হৈছে। দীর্ঘদিন মাস্ক লগোৱাৰ কাৰণে শ্বাস-প্ৰশ্বাসৰ সমস্য়াতো ভুগিছে বহুতে। খোৱা-বোৱাৰ সময়ত মাস্ক খুলিবলগীয়া হয়। ইয়াৰ পৰিপ্রেক্ষিতত দক্ষিণ কোৰিয়াৰ এটি কোম্পানীয়ে অনন্য মাস্ক তৈয়াৰ কৰিছে,তাৰে ডিজাইনৰ বাবে সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিছে। এই অনন্য মাস্কবিধ তৈয়াৰ কৰিছে দক্ষিণ কোৰিয়াৰ কোম্পানী এটমেনে। এই মাস্কৰ ব্যতিক্ৰমী বিষয় হ’ল ই মাত্র নাকটো ঢাকি ৰাখে, পিন্ধাৰ পাছতো মুখখন আৱৰি নাথাকে। এই বাবে ইয়াৰ নামাকৰণ কৰা হৈছে ‘কস্ক’ বুলি। যদিও এইবিধ সম্পূর্ণ মাস্ক, কোনোৱে বিচাৰিলে ইয়াক সম্পূর্ণৰূপতো পিন্ধিব পাৰে অথবা ভাঁজ কৰি নাকতে সীমিত কৰিও পিন্ধিব পাৰে।

You might also like