নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ দেশৰ ৰাজধানী দিল্লীত আন্তর্জাতিক ড্রাগ্ছ ছিণ্ডিকেট উৎখাত কৰিলে দিল্লী আৰক্ষীৰ বিশেষ শাখাই৷ দেশৰ ইতিহাসত অন্যতম বৃহৎ ড্রাগ্ছৰ ঘাটি উৎখাত কৰি দিল্লী আৰক্ষীয়ে অতি উচ্চমানৰ ৩৫৪ কিলোগ্রাম হেৰ’ইন উদ্ধাৰ কৰে৷ এই হেৰ’ইনৰ মূল্য ২,৫০০ কোটি টকা৷
আৰক্ষীয়ে ২,৫০০ কোটি টকা মূল্যৰ ড্রাগ্ছসহ চাৰিজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্রেপ্তাৰ কৰা ড্রাগ্ছ ব্যৱসায়ীকেইজনৰ তিনিজন হাৰিয়ানা আৰু এজন দিল্লীৰ৷ দিল্লী
আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া নিৰজ ঠাকুৰে সংবাদ মেলযোগে কয় যে বিগত মাহ ধৰি আন্তর্জাতিক ড্রাগ্ছ ছিণ্ডিকেট উৎখাত কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আহিছে৷ আফগানিস্তানৰ পৰা এই বৃহৎ পৰিমাণৰ ড্রাগ্ছ দিল্লীলৈ আহে আৰু বিভিন্ন স্থানলৈ সৰবৰাহ হয়৷ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰা আফগানিস্তানৰ পৰা সাগৰেৰে জাহাজৰ কণ্টেইনাৰত লুকুৱাই মুম্বাইলৈ আনে আৰু মুম্বাইৰ পৰা দিল্লীলৈ স্থলপেথেৰে এই ড্রাগ্ছসমূহ আহে৷ ড্রাগ্ছৰ সমগ্র চোৰাং ব্যৱসায় আফগানিস্তানত বহি থাকিয়েই নিয়ন্ত্রণ কৰি আহিছে৷
মুম্বাইৰ পৰা দিল্লীলৈ এই ড্রাগ্ছসমূহ পঞ্জাবলৈ সৰবৰাহ হৈ আছে৷ আফগানিস্তানৰ পৰা অহা এই ড্রাগ্ছসমূহ মধ্যপ্রদেশৰ শিৱপুৰীৰ সমীপত এটা কাৰখানাত সংসাধন কৰা হয় আৰু সেইবোৰ ফৰিদাবাদৰ ভাৰা লোৱা গুদামত জমা কৰি ৰাখে৷ এই আন্তর্জাতিক ড্রাগ্ছ ছিণ্ডিকেটৰ লগত নার্ক’টেৰ’ৰিজিম জড়িত হৈ আছে নেকি, তাক লৈ বর্তমান অনুসন্ধান চলাই আছে৷ তদুপৰি এই ড্রাগ্ছ সৰবৰাহৰ ক্ষেত্রত ধন পাকিস্তানৰ পৰা আহে নেকি, তাকো অনুসন্ধান চলাই আছে বিশেষ আৰক্ষীয়ে৷
মন কৰিবলগীয়া যে দেশৰ ৰাজধানীত বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ চাৰিজনক গ্রেপ্তাৰ কৰাৰ পূর্বে বিগত মাহত দিল্লীৰ নার্ক’টিকছ কণ্ট্ৰল ব্যুৰ’ৱে (এন চি বি) আন্তর্জাতিক ড্রাগ্ছ সৰবৰাহকাৰী ছিণ্ডিকেট এটা উৎখাত কৰিছিল৷ এই অভিযানত এন চি বিয়ে আঠজনক গ্রেপ্তাৰ কৰাৰ লগতে ২২ লাখ চাইক’ট্রপিক টেবলেট আৰু ২৪৫ কিলোগ্রাম ড্রাগ্ছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷