নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশ সংযোগী ‘মৈত্রী সেতু’ উদ্বোধন মোদীৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  ভাৰত–বাংলাদেশৰ সীমান্তৰ ফেনী নদীৰ ওপৰত ‘মৈত্রী সেতু’ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন দিল্লীৰ পৰা প্রধানমন্ত্রী মোদী আৰু ঢ়াকাৰ পৰা বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই আজি ভার্চুৱেলযোগে দুই দেশ সংযোগী মৈত্রী সেতু মুকলি কৰে৷ ভাৰতৰ ত্রিপুৰাৰ চাবৰুম আৰু বাংলাদেশৰ ৰামগড় সংযোগী ১৩৩ কোটি ব্যয়সাপেক্ষ ১.৯ কিলোমিটাৰ দৈর্ঘ্যৰ দলংখন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই মৈত্রী সেতুৱে ভাৰত আৰু বাংলাদেশৰ জনতাৰ যোগাযোগ আৰু বাণিজ্যই নতুন অধ্যায়ৰ সূচনা কৰিব৷ প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা মতে মৈত্রী সেতু হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক আৰু বন্ধুত্ব বৃদ্ধি পাই থকাৰ প্রতীক৷ দলংখন নির্মাণ কৰা হৈছে ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন কর্প’ৰেচন লিমিটেডৰ দ্বাৰা৷

বিবৃতিত উল্লেখ কৰা মতে দলংখন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে ত্রিপুৰা এতিয়া উত্তৰ–পূবৰ দুৱাৰমুখ হৈ পৰিব৷ দলং সংযোগী ত্রিপুৰাৰ চাবৰুমৰ পৰা বাংলাদেশৰ চিটাগং বন্দৰলৈ দূৰত্ব হ’ব মাত্র ৮০ কিলোমিটাৰ৷ আনপিনে বাংলাদেশৰ প্রধানমন্ত্রী হাছিনাই কয় যে মৈত্রী সেতু কেৱল দলঙেই নহয়, দুই দেশৰ ব্যৱসায়–বাণিজ্য, অর্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ অৱদান আগবঢ়াব৷ প্রধানমন্ত্রী মোদীক প্রশংসা কৰি প্রধানমন্ত্রী হাছিনাই কয় যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে দলংখন উদ্বোধন কৰিবলৈ পাই তেওঁ অতি আনন্দিত৷ এই কার্যসূচী এনে সময়ত হৈছে যি সময়ত জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ জন্মশতবার্ষিকী, বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী আৰু বাংলাদেশ–ভাৰত কূটনৈতিক সম্পর্কৰ পঞ্চাশ বছৰ পূর্তি উদ্যাপন৷ মৈত্রী সেতু মুকলি কৰাৰ উপৰি প্রধানমন্ত্রী মোদীয়ে ত্রিপুৰাৰ কেইবাটাও আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ চাবৰুমত সংহত নিৰীক্ষণ চকীৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দুই দেশৰ মাজত সা–সামগ্রীৰ লগতে যাত্রীৰ আহ–যাহ সহজ হ’ব৷

উত্তৰ–পূবৰ ৰাজ্যসমূহৰ সামগ্রীৰ কাৰণে নতুন বজাৰৰ সুযোগ আহিব আৰু দুই দেশৰ যাত্রীৰ যাতায়াতত সহায়ক হ’ব৷ লেণ্ড প’ট অর্থৰিটী অৱ ইণ্ডিয়াৰ অধীনত নির্মাণ হ’বলগীয়া এই প্রকল্পত ব্যয় হ’ব প্রায় ২৩২ কোটি টকা৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ ৰাষ্ট্রীয় ঘাইপথ সংযোগী কেইবাটাও পথৰ আধাৰশিলা, মাল্টি লেভেল কাৰ পার্কিং আৰু কমার্চিয়েল কমপ্লেক্সকে ধৰি কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই কার্যসূচীত ভার্চুৱেলযোগে ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেবেওে অংশগ্রহণ কৰে৷

You might also like