নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিৰ এনছেলাদাছত জীৱৰ অস্তিত্ব থাকিব পাৰে, আশাবাদী নাছা

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ জীৱৰ অস্তিত্ব থাকিব পাৰে শনি গ্রহৰ এনছেলাদাছ প্রান্তত৷ এণ্টার্কটিকাতকৈও ডাঠ বৰফীয় আস্বাদনৰ তলত আছে শনিৰ এই প্রান্তত গভীৰ মহাসাগৰ৷ এই মহাসাগৰৰ বিশালতা পৃথিৱীৰ মহাসাগৰতকৈও বেছি৷ মহাকাশ গৱেষণা সংস্থা নাছাই এই মহাসাগৰত জীৱৰ অস্তিত্ব থকা বুলি অনুমান কৰিছে৷ নাছাৰ মহাকাশযান কেছিনিয়ে প্রেৰণ কৰা শনিৰ এই অঞ্চলৰ আলোকচিত্রক লৈ ইতিমধ্যে পৰীক্ষা–নিৰীক্ষা আৰম্ভ হৈছে বিজ্ঞানীসকলৰ মাজত৷ আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা নেছাৰ এষ্ট্র’নমীত প্রকাশ পাইছে এই সন্দর্ভত এখন গৱেষণা পত্র৷ উল্লেখনীয় যে শনিৰ এই অঞ্চলটোক প্রদক্ষিণৰ সময়ত কেছিনিয়ে এনছেলেদাছৰ পৃষ্ঠৰ পৰা মিথেনৰ ফোৱাৰা আৰু ধোঁৱা নির্গত হোৱা দেখিবলৈ পাইছিল৷

You might also like