বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ বাংগালুৰুৰ এগৰাকী অটো চালক, নাম পতাবী ৰমণ। বয়স ৭৪ বছৰ। অটো চালকগৰাকীৰ মুখত সলসলীয়া ইংৰাজী আৰু গভীৰ ভাষাজ্ঞান। সেয়া শুনি আচৰিত হ’ল এগৰাকী যাত্ৰী। নিকিতা আয়াৰ নামৰ যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিলে এইগৰাকী অটোচালকৰ কাহিনী। এদিন ৰমনৰ অটোত উঠাৰ পাছত নিকিতাি সকলো কথা লিখি গ’ল। পতাবী ৰমণ মুম্বাইৰ এখন মহাবিদ্যালয়ৰ ইংৰাজী প্ৰবক্তা আছিল। এমএ আৰু এমএড কৰা এইগৰাকী প্ৰাক্তন প্ৰবক্তাই যোৱা ১৪ বছৰ ধৰি অটো চলাই আছে বাংগালুৰুত। মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ লোৱাৰ পাছৰ পৰা তেওঁ অটো চলাবলৈ লৈছে। কৰ্ণাটকৰ কোনো মহাবিদ্যালয়তে চাকৰি এটা বিচাৰি নাপাই তেওঁ এদিন মুম্বাইলৈ ৰাওনা হৈছিল আৰু তাৰে এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ত চাকৰি পাইছিল। ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ পাছত বাংগালুৰুলৈ ঘূৰি আহিছিল। যিখন মহাবিদ্যালয়ত তেওঁ কাম কৰিছিল সেইখন ব্যক্তিগত আছিল বাবে পেঞ্চন নাপায়। এনেও কলেজ শিক্ষকৰ দৰমহা খুবেই কম বুলি জনাইছিল তেওঁ। এতিয়া অটো চলাই পতাবী ৰমণে দিনটোত ৭০০ৰ পৰা ১৫০০টকা অৰ্জন কৰে আৰু সেয়েৰে তেওঁ আৰু তেওঁৰ পত্নীয়ে চলিছে। তেওঁলোকৰ এজন পুত্ৰ আছে যদিও সন্তানৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে।