দুৰ্দিনত ট্ৰাম্পঃ ৰাষ্ট্ৰপতি পদৰ পিছত ড’নাল্ড ট্ৰাম্পে হেৰুৱাব পত্নী মেলানিয়াক
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আশাতীত পৰাজয় বৰণ কৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীৱনলৈ আহিব পাৰে আন এক বিপদ। বাতৰি সংস্থা ডেইলী মেইলৰ প্ৰতিবেদন মতে, ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে শীঘ্ৰে ট্ৰাম্পৰ জীৱনৰ পৰা আঁতৰি যাব পাৰে। প্ৰতিবেদন মতে, যিকোনো সময়ত বিবাহ বিচ্ছেদৰ জাননী আহি যাব পাৰে মেলানিয়া ট্ৰাম্পৰ পৰা।
হোৱাইট হাউছৰ পৰা ওলোৱাৰ পিছতে মেলানিয়াই ট্ৰাম্পৰে ৰখা ১৫ বছৰীয়া সম্পৰ্ক চ্ছেদ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে মেলানিয়াৰ এগৰাকী সহযোগীয়ে। ডেইলী মেইলে মেলেনিয়াৰ এগৰাকী প্ৰাক্তন সহযোগী ষ্টেফনি ওয়োকঅফৰ উদ্ধৃতি দি কয় যে ট্ৰাম্প আৰু মেলানিয়াৰ সম্পৰ্ক এতিয়া মধুৰ নহয়। হোৱাইট হাউছত তেওঁলোকৰ বেডৰুমো দুটা। পৃথককৈ থাকে দুয়ো।
আচলতে দুয়োৱে বৈবাহিক সম্পৰ্কৰ নামত এক আনুষ্ঠানিকতাহে ৰক্ষা কৰি আছে। একেখিনি তথ্য দিছে মেলেনিয়াৰ আন এগৰাকী সহকৰ্মী ওমাৰোছা মেনিগল্ট নিউমানে। নিউমানৰ মতেও দুয়োৰে সম্পৰ্ক এতিয়া তেনেই শিথিল হৈ পৰিছে। মেলানিয়াই এতিয়া অপেক্ষা কৰিছে মাত্ৰ বিবাহ বিচ্ছেদৰ শুভ ক্ষণলৈ।
হয়তো হোৱাইট হাউছৰ পৰা ওলোৱাৰ অৰ্থাৎ ৰাষ্ট্ৰপতি ৰূপে বিদায় লোৱাৰ পিছৰ সময়খিনিয়ে হ’ব পাৰে এই ক্ষণ। উল্লেখ্য, মেলানিয়া ড’নাল্ড ট্ৰাম্পৰ তৃতীয়গৰাকী পত্নী। ড’নাল্ড ট্ৰাম্পৰে ইতিমধ্যে দুগৰাকী পত্নী ক্ৰমে মাৰ্লা মেপলাছ আৰু ইভানা মেৰি ট্ৰাম্পৰ বিবাহ বিচ্ছেদ ঘটিছে।