কাইলৈ বৰদিন, বিধি-নিষেধৰ মাজতে পালন কৰিবলৈ সাজু বিশ্ববাসী…
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ খ্রীষ্টান ধর্মাৱলম্বীৰ ধৰ্মীয় উৎসৱ বৰদিন উপলক্ষে বিশ্বৰ বিভিন্ন দেশত চলিছে শেষ মুহুর্তৰ প্রস্তুতি। ক’ৰোনা অতিমাৰীৰ কাৰণে অৱশ্যে এইবাৰ এই উৎসৱৰ উদযাপন সীমিতভাৱে পালন কৰা হ’ব। ক’ৰোনা সংক্রমণ ৰোধৰ বাবে বিভিন্ন দেশে আৰোপ কৰিছে কঠোৰ বিধি-নিষেধ। গতিকে ঈদ, পূজা, বিহুৰ দৰে বৰদিনৰ আয়োজনো এইবাৰ হৈছে কিছু ম্লান।
খ্ৰীষ্টান ধর্মাৱলম্বীৰ প্রধান ধর্মীয় উৎসৱ বৰদিনক লৈ সেয়ে নাই পূৰ্বৰ উছাহ। তথাপি বিধি-নিষেধ মানি হ’লেও বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো সজাই তোলা হৈছে বিভিন্ন গিৰ্জা।
ইয়াৰ লগতে নিউয়র্ক, ৱাশ্বিংটন ডিচি, বার্লিন, ষ্টকহোম, লিছবন তথা টকিঅ’সহ বিশ্বৰ ডাঙৰ ডাঙৰ নগৰত সুসজ্জিত কৰা হৈছে খ্ৰীষ্টমছ ট্রি। দর্শনীয় স্থান তথা শপিংমলবোৰতো দেখা গৈছে চান্তা ক্ল’জক। স্বাস্থ্যবিধি মানি শিশুৰ সৈতে শুভেচ্ছা বিনিময় কৰিছে চান্তা ক্ল’জেও।