নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে কিয় ১৭ লাখৰ ক্ষতিৰ সন্মুখীন হ’ল জুকাৰবাৰ্গৰ সংস্থা

জনপ্রিয়তাৰ মাপকাঠিত ছন্দ পতন। ১৭ বছৰৰ পাছত প্রথমবাৰ মার্ক জুকাৰবার্গৰ মালিকাধীন সংস্থাৰ ব্যৱহাৰকাৰীৰ সংখ্যা কমিল। যাৰ প্ৰভাৱ পৰিছে ফেচবুকৰ অভিভাৱক সংস্থা ‘মেটা’ৰ ওপৰত। ব্যবহাৰকাৰীৰ সংখ্যা কমি যোৱাত মেটাৰ লভ্যাংশ যথেষ্ট কমিছে। বিজ্ঞাপনতো প্ৰভাৱ পৰিছে। সংস্থাৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে।

সংস্থাই অৱশ্যে দাবী কৰিছে যে বুধবাৰৰ পৰা তেওঁলোকৰ ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে, তথাপিও এই সংখ্যা কেৱল ফেচবুকৰ নহয়। ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ-সহ গোটেইকেইটা মিলি এই বৃদ্ধি। এই স‌ংকটৰ সময়ত বৃহস্পতিবাৰে সকলোতকৈ বেছি লোকচানৰ সন্মুখীন হ’ল মেটা। বৃহস্পতিবাৰে মেটাৰ শ্বেয়াৰৰ দাম কমিল প্রায় ২৬ শতাংশ। এদিনতে সংস্থাৰ বজাৰমূল্য প্রায় ১৭ লাখ কোটি টকা কমিছে।

কিয় হঠাৎ এই অৱস্থা হ’ল? বিশেষজ্ঞৰ এটা বৃহৎ অংশৰ মতে, ফেচবুক ব্যবহাৰকাৰীৰ সংখ্যা অনিয়ন্ত্রিতভাৱে বৃদ্ধিৰ দিন আঁতৰিল। ফেচবুকে যোৱা দুটা ত্রৈমাসিকত প্রায় ১০ লাখ ব্যৱহাৰকাৰী হেৰুৱাইছে। আন একাংশই কৈছে, ফেচবুকে নতুন ব্যৱহাৰকাৰীক আকর্ষণ কৰাৰ ক্ষমতা হেৰুৱাইছে। বিশেষজ্ঞৰ মতে, ব্যৱহাৰকাৰীৰ সংখ্যা কমি যোৱাই ইংগিত দিয়ে যে এই এপৰ ব্যৱহাৰকাৰীৰ সংখ্যা সম্ভৱতঃ শীর্ষত উঠিছে।

You might also like