নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘঁৰিয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মেক্সিকোৰ মেয়ৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  এই পৃথিৱীত সকলো অবিশ্বাস্য ঘটনা সংঘটিত কৰে মানুহে৷ মেক্সিকোৰ এগৰাকী মেয়ৰে জীৱনসংগী হিচাপে বাছি লৈছে ঘঁৰিয়ালক৷ ৭ বছৰীয়া এটি ঘঁৰিয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে মেক্সিকোৰ মেয়ৰ ভিক্তৰ হুগো ছোছা৷ মেক্সিকোৰ ৱাক্সাকাৰ মেয়ৰ ছোছা৷ বৃহস্পতিবাৰে ঘঁৰিয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে এই মেয়ৰগৰাকী৷ ঘঁৰিয়ালটোক কইনাৰ সাজেৰে সজোৱা হয়৷ তাৰ পিছত গির্জাত গৈ বিয়াৰ মাংগলিক পর্ব সমাপন কৰে ছোছাই৷ অনুষ্ঠানত উপস্থিত আছিল যথেষ্টসংখ্যক লোক৷ বিয়াৰ পিছতে ঘঁৰিয়ালটোক চুম্বনো দিয়ে ছোছাই৷ অৱশ্যে ঘঁৰিয়ালটোৰ মুখ টানকৈ ৰছীৰে বন্ধা আছিল৷ উল্লেখনীয় যে মেক্সিকোৰ বিভিন্ন অঞ্চলত অন্য প্রাণীৰ সৈতে মানুহ বিবাহপাশত আবদ্ধ হোৱাৰ প্রথা প্রাচীন কালৰে পৰা চলি আহিছে৷ ইয়াৰ ফলত হেনো প্রকৃতি সন্তুষ্ট হয়৷ ৱাক্সাকাৰ বেছিভাগ লোকেই মূলতঃ মৎস্যজীৱী৷ মাছ ধৰি বিক্রী কৰিয়েই সংসাৰ চলায় ইয়াৰ বাসিন্দাসকলে৷ গতিকে ইয়াত ঘঁৰিয়াল, সাপ তথা মাছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পুৰণি প্রথা চলি আহিছে৷ মেয়ৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, কেইবাশ বছৰ চলি থকা এই প্রথাক অঞ্চলটোৰ ৰাইজে আজিও সন্মান জনাই আহিছে৷

You might also like