নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রি–ম’র্টেমঃ মৃত্যুৰ আগতেই মৰণোত্তৰ পৰীক্ষা

-পার্থসাৰথি মহন্ত

 আমি বাৰু কিমান পৰিকল্পনা কৰোঁ৷ পৰিকল্পনা বুলি ক’লেই আমাৰ বহুতৰে পোনেই পঞ্চবার্ষিক পৰিকল্পনালৈ মনত পৰে৷ প্রি–ম’র্টেম কনচেপ্ঢটো অৱশ্যে ব্যক্তিগত আৰু সাংগঠনিক দুয়োটা অনুকল্পতে(format) প্রয়োগ কৰিব পাৰি৷
প্রথমতে, ব্যক্তিগত ফর্মেট৷ পুৱা সাৰপাই বিছনাৰ পৰা উঠি অহাৰ আগতে আমি কৰা পৰিকল্পনাবোৰ আৰু ৰাতি বিছনাত পৰি টোপনি যোৱালৈকে কৰা পৰিকল্পনাবোৰ আমি বাৰু কেতিয়াবা বিশ্লেষণ কৰি চাওঁ নেকি মনত ভবা কামবোৰ আমি কিমান কৰিব পাৰোঁ পুৱা ভবা কথা বা কামখিনি নিশা শুৱালৈকে সম্পূর্ণ হয়গৈনে এই পৰিকল্পনাবোৰ কিমান সফল হয় এই যে ভবা কামবোৰ আমি কৰিব নোৱাৰোঁ, লাভ বা লোকচান কি বা কাৰ হয়? দুটা কথা খাটাং– নিজৰ বাহিৰে আন কাৰো লাভ বা লোকচান নহয় আৰু নিজৰ লোকচান নহ’লেও লাভ নহয়৷ আমি যেতিয়া কাৰণ ফঁহিয়াই চাওঁ, আমি সুবিধাজনকভাৱে এটা গ্রহণ কৰিব পৰা কাৰণো বিচাৰি পাওঁ৷ কিন্তু আমাৰ পৰিকল্পনাটো সফল নোহোৱাকৈয়ে থাকি যায়৷ আমি কৰিম বুলি ভবা কামটো সৰু হওক বা ডাঙৰ হওক, যেনে– ঘৰ চাফা কৰিম, এখন বিশেষ কিতাপ পঢ়িম, ল’ৰা–ছোৱালীকেইটাৰ পঢ়া চাম, মা–দেডতাৰ লগত কিছুসময় বহিম–কথা পাতিম, পৰিয়ালটোক লৈ ৰেষ্টুৰেণ্টত খাবলৈ যাম ইত্যাদি ইত্যাদি৷ আমি মনত পঙা কথাবোৰৰ কাৰণে কাৰো ওচৰত জবাবদিহি নহয়৷ সেইকাৰণে যেতিয়া এই কামবোৰ নহয়, আমি কাৰো ওচৰত উত্তৰ দিব নালাগে আৰু আমি কাকো একো নোকোৱাকৈ মনে মনে বহি থাকোঁ৷ সংগঠনৰ ক্ষেত্রত চৰকাৰী বিভাগ আৰু বেচৰকাৰী প্রতিষ্ঠান উভয়ৰে ক্ষেত্রত এটা কাম নোহোৱাৰ কাৰণে, এটা পৰিকল্পনা সফল নহ’লে আমি কিন্তু কাৰণ ব্যাখ্যা কৰিবলগীয়া হয়৷ তাৰ পাছত আৰম্ভ হয় দোষ ঠেলা৷ সেয়া যি কি নহওক, বিফল হৈ কাৰো ভাল নালাগে, আমি সদায় সফল হ’ব বিচাৰোঁ, আমি সফল হ’বলৈ হ’লে আমি নিশ্চিত কৰিব লাগিব যে আমাৰ পৰিকল্পনা কোনো কামতেই বিফল হ’ব নোৱাৰিব, বিফল নোহোৱাৰ মন্ত্রই হ’ল প্রি–ম’র্টেম৷

আহকচোন, মনতে এটা দৃশ্য কল্পনা কৰোঁ, ঠিক চিনেমাৰ দৰে মনতে এটা অফিচৰ পৰিৱেশ দৃশ্যায়িত কৰোঁ৷ চৰকাৰী/বেচৰকাৰী কথা নাই৷ অফিচটোৰ বছৰ কোঠাত এটা নতুন পৰিকল্পনা আলোচনা হৈ আছে৷ আলোচনা মানে কি আৰু– বছে টার্গেট কি কৈ আছে আৰু সেই লক্ষ্য সাধনৰ কাৰণে কোনে কি কি কাম কৰিব, কাৰ কি কি দায়িত্ব বুজাই আছে৷ সমগ্র পৰিকল্পনাটো ব্যাখ্যা কৰাৰ পাছত বছে ভীষণ ধৈর্যশীলতাৰ পৰিচয় দি সোধে– কাৰোবাৰ মনত কিবা সন্দেহ বা প্রশ্ন আছে নেকি? থাকিলে তেখেতে পুনৰ/ বাৰম্বাৰ বুজাই দিব৷ বছৰ দায়িত্ব প্রায় শেষ৷ পৰিকল্পনা সফল হ’লে সেয়া বছৰ কার্যকৰী নেতৃত্বৰ পৰিচায়ক৷ নহ’লে যাক যি দায়িত্ব দিয়া হৈছিল সেইমতে দোষাৰোপ আৰু জবাবদিহি কৰা হ’ব৷ তাকে নকৰি যদি আৰু এটা কাম কৰা হয় পুনৰ আগৰ দৃশ্যটোলৈ যাওঁ আহক৷ বছে কাৰোবাৰ মনত কিবা সন্দেহ/প্রশ্ন আছে নেকি সুধি আকৌ বুজাহ দিয়াৰ পাছত ঘোষণা কৰে– ‘আমাৰ পৰিকল্পনা বিফল হ’ল, কিয় হ’ল আপোনালোকে কাৰণবোৰ কওক৷’ লগে লগে আৰম্ভ হৈ গ’ল মৰণোত্তৰ পৰীক্ষা, মৃত্যুৰ আগতেই৷ এহ কাল্পনিক মৃত্যুৰ কাৰণবোৰ ফঁহিয়াই চাওঁতে তাৰ এণ্টিড’টবোৰো সকলোৱে উপলব্ধি কৰি গৈ থাকিব, লগে লগে এই এণ্টিড’টবোৰো ৰিভাহজড পৰিকল্পনাত সন্নিৱিষ্ট হৈ গৈ থাকিব৷

এইক্ষেত্রত গুৰুত্বপূর্ণ কথাটো হ’ল এই আলোচনা কোনেও কি কাৰণে পৰিকল্পনাটো ব্যর্থ হ’ব পাৰে বুলি কল্পনা নকৰে৷ হয়াত গ্রহণ কৰি লোৱা হয় যে পৰিকল্পনাটো ইতিমধ্যেই ব্যর্থ হৈছে, এতিয়া তাৰ কাৰণ বিচাৰিব লাগে৷ অৱশেষত প্রস্তুত হ’ব এখন চূড়ান্ত পৰিকল্পনা এখন ফুলপ্রুফ পৰিকল্পনা–আমাক মূর্খ বনাব নোৱাৰা এখন পৰিকল্পনা৷
আমি সফল হোৱাৰ সপোন দেখি ভাল পাওঁ৷ এইটো কনচেপ্ঢত কিন্তু আমি কামত আগবঢ়াৰ আগতেহ বিফল হৈছোঁ বুলি গ্রহণ কৰি সফল হ’বলৈ আগবাঢ়ালো৷ কেৱল যে কর্প’ৰেট ৱর্ল্ডতে বিপদাশংকা ব্যৱস্থাপনাৰ কাৰণে এই কনচেপ্ত ব্যৱহাৰ কৰা হয় এনে নহয়, বহু দেশৰ সেনা বাহিনীয়েও এই কনচেপ্ঢ গ্রহণ কৰিছে, প্রয়োগ কৰিছে৷
ড০ গেৰী ক্লেহন নামৰ এজন আমেৰিকান মনোবিজ্ঞানীয়ে এই প্রি–ম’র্টেম ধাৰণাটো সৃষ্টি কৰিছিল৷ হোৱাহট হাউছৰ ছিটুৱেচন ৰূমৰ ডিজাইনিঙৰ এজন সদস্য আছিল গেৰী ক্লেইন৷ হোৱাইট হাউছৰ পশ্চিম দিশত থকা এই কোঠাটোৰ পৰাই মার্কিন ৰাষ্ট্রপতি আৰু ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদে সুৰক্ষা আৰু নিৰাপত্তা সম্পর্কীয় বিষয়বোৰ চোৱা–চিতা কৰে৷ সহজেই অনুমেয় যে আমেৰিকাৰ ৰাষ্ট্রীয় পর্যায়ৰ বিষয়বোৰৰ ক্ষেত্রত প্রি–ম’র্টেম প্রয়োগ হৈ আহিছে৷

এই ধাৰণাটোৰ আটাহতকৈ ডাঙৰ কথাটো হ’ল যে ই ঐকমত্যক এক ভ্রম হিচাপে চিহ্ণিত কৰে আৰু ঐকমত্য বাস্তৱত প্রয়োগ হোৱাৰ আগতেই সেই  ঐকমত্যক প্রত্যাহ্বান জনায়৷ আমি নিখুঁত বুলি ভবা পৰিকল্পনা এটাক ৰূপায়ণ কৰাৰ আগতেই ব্যর্থ বুলি ভাবি মৰণোত্তৰ পৰীক্ষা কৰাটো সিমান সহজ নহয়৷ কিন্তু আমি সেয়াহ কৰিব লাগিব৷ কাৰণ প্রি–ম’র্টেমে ব্লাহ’স্পট বা অনাৱিষ্কৃত ক্ষেত্রবোৰ আৱিষ্কাৰ কৰে৷ এই ধাৰণা বা পদ্ধতি সেয়েহে ফলপ্রসূ বুলি প্রমাণিত হৈছে৷
আমি তেনেহ’লে ব্যক্তিগত ক্ষেত্রত এহ ধাৰণা প্রয়োগ নকৰোঁ কিয়? আমাৰ যিবোৰ সৰু–ডাঙৰ কাম নোহোৱাকৈ আছে, আৰম্ভ কৰা কাম আধৰুৱা হৈ আছে আমি প্রি–ম’র্টেম প্রয়োগ কৰিব পাৰোঁ নেকি? এইক্ষেত্রত অৱশ্যে আৰু এটা গুৰুত্বপূর্ণ কথা হ’ল অচেতন পক্ষপাত৷ অজানিতভাৱেই আমাৰ কিবা কথা বা বিষয় ভাল বা বেয়া বুলি এটা ধাৰণা বদ্ধমূল হৈ আছে নেকি? অর্থাৎ আমি সকলো এটা সমস্যাত ভুগি থাকোঁ৷ সেহটো হ’ল আমি নাজানো যে আমি নাজানো৷ নজনাকৈয়ে আমি নিজে নিখুঁত বুলি ভবা এটা পৰিকল্পনা কৰোঁ আৰু ভাগে ভাগে কাম বটাই দি আগবাঢ়ি যাওঁ৷ প্রি–ম’র্টেমে আমাৰ এই অচেতন পক্ষপাতে সৃষ্টি কৰিব পৰা সমস্যা/ প্রতিবন্ধকতাক আগতীয়াকৈ দূৰ কৰে৷
আজি শুৱাৰ আগতে এটা প্রি–মর্টেম কৰি কাহলৈ পুৱা এটা নতুন আৰম্ভণি কৰোঁ আহক৷

You might also like