নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইনক লৈ বৈঠক আমন্ত্রণ কৰি অনুপস্থিত স্বয়ং কৃষিমন্ত্রী

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  নতুন কৃষি আইনক লৈ প্রতিবাদী কৃষক সংগঠনৰ সৈতে বৈঠকত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰৰ অনুপস্থিতিক লৈ ক্ষুব্ধ কৃষক সংগঠনৰ প্রতিনিধিয়ে বৈঠক বর্জন কৰে৷ নতুন দিল্লীৰ কৃষি ভৱনত বুধবাৰে ৩০ কৃষি সংগঠনৰ প্রতিনিধিয়ে বৈঠকত অংশগ্রহণ কৰে যদিও কৃষিমন্ত্রী তোমৰ উপস্থিত নথকাত বৈঠক আধাতে সামৰি ওলাই অহাৰ পূর্বে কৃষি আইনখন প্রত্যাহাৰ কৰিবলৈ দাবী জনাই শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ কৃষিমন্ত্রীৰ সলনি বৈঠকখনত কৃষি সচিবগৰাকীয়ে নেতৃত্ব লোৱাক লৈ ক্ষুণ্ণ হোৱা কৃষক সংগঠনৰ প্রতিনিধিসকলে কৃষি ভৱনৰ বাহিৰত নতুনকৈ বলবৎ কৰা কৃষি আইনৰ কপি ফালি প্রতিবাদ কৰে৷ বৈঠক আধাতে এৰি অহা কৃষক সংগঠনৰ প্রতিনিধিয়ে অভিযোগ কৰা মতে, কৃষিমন্ত্রীগৰাকী উপস্থিত নথকাত তেওঁলোক বৈঠকৰ পৰা ওলাই আহে৷ কৃষক সংগঠনকেইটাই আইনখন প্রত্যাহাৰ কৰা সন্দর্ভত মন্ত্রীৰ সৈতে বৈঠকত অংশগ্রহণৰ বাবে সন্মতি প্রকাশ কৰিছিল৷

উল্লেখ্য যে সংসদৰ মজিয়াত কৃষি সম্পর্কীয় বিধেয়ক উত্থাপনৰ প্রাৰম্ভৰে পৰা ৰাষ্ট্রপতিৰ স্বাক্ষৰ হৈ আইনত পৰিণত হোৱাৰ পাছতো এই কৃষি আইনক লৈ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত কৃষক সংগঠনসমূহে প্রতিবাদ কৰি আহিছে৷ কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষক সংগঠনৰ সৈতে আলোচনাৰ আগ্রহ দেখুওৱাৰ পাছতে কালি কৃষক সংগঠনকেইটাই এটা প্রতিনিধি দল গঠন কৰে৷ ভাৰতীয় কিষাণ ইউনিয়ন (ৰাজেৱাল)ৰ মুৰব্বী বলবীৰ সিং ৰাজেৱালে প্রকাশ কৰা মতে প্রতিবাদী ৩০ সংগঠনৰ প্রতিনিধিৰ দ্বাৰা কালি এটা সঁজাতী দল গঠন কৰে আৰু সেই দলটোৱে আজি কৃষি ভৱনত বৈঠকত অংশগ্রহণ কৰে৷ বৈঠকত অংশগ্রহণ কৰা কৃষক সংগঠনৰ প্রতিনিধিকেইগৰাকী হৈছে বলবীৰ সিং ৰাজেৱাল, দর্শন পাল, জগজিৎ সিং ডালেৱাল, জগমোহন সিং, কুলৱন্ত সিং, সুৰজিৎ সিং আৰু স্বপ্ণম সিং ছাহানী৷ কেন্দ্রীয় কৃষি বিভাগে আয়োজন কৰা বৈঠকত অৱশ্যে কিষাণ মজদুৰ সংঘর্ষ কমিটীয়ে অংশগ্রহণ কৰা নাই৷

You might also like