পুডুচেৰীত সংখ্যালঘুত পৰিণত হ’ল কংগ্রেছ চৰকাৰ
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ কংগ্রেছ–ডি এম কে মিত্রজোঁটৰ চৰকাৰখন সংখ্যালঘুত পৰিণত হৈছে৷ মঙলবাৰে শাসকীয় জোঁটৰ কংগ্রেছ বিধায়ক এ জন কুমাৰে অধ্যক্ষ ভি পি শিৱকলুণ্ঠুৰ হাতত দাখিল কৰিছে পদত্যাগ–পত্র৷ বিধায়কগৰাকীয়ে পদত্যাগ কৰাৰ লগে লগে ৩৩ সদস্য বিশিষ্ট বিধানসভাত কংগ্রেছ–ডি এম কে মিত্রজোঁটৰ বিধায়কৰ সংখ্যা ১৪লৈ অৱনমিত হৈছে৷ ইফালে, বিৰোধী এ আই এ ডি এম কে–বিজেপি মিত্রজোঁটৰো ১৪গৰাকী বিধায়ক আছে বিধানসভাত৷ পুডুচেৰী বিধানসভাত তিনিগৰাকী মনোনীত বিধায়ক আছে৷ বর্তমান সক্রিয় বিধায়কৰ সংখ্যা ২৮জন৷ ইয়াৰে কংগ্রেছৰ ১০জন আৰু ডি এম কেৰ তিনিগৰাকী তথা নির্দলীয় এগৰাকী বিধায়ক আছে৷ এই নির্দলীয় বিধায়কগৰাকীয়ে শাসকীয় জোঁটক সমর্থন জনাইছিল৷