নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন-বিজেপি মিথুন চক্ৰৱৰ্তীক কেন্দ্ৰীয় চৰকাৰৰ  Y+ নিৰাপত্তা প্ৰদান

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰা বলীউড তাৰকা মিথুন চক্ৰৱৰ্তীক কেন্দ্ৰীয় চৰকাৰে  Y+ নিৰাপত্তা প্ৰদান কৰিছে। ইতিমধ্য়ে চিআইএছএফে তেওঁক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কলকাতাৰ বিগ্ৰেড সভাত অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰি ৰাজনীতিলৈ পুনৰ উভতি আহিছে। জানিব পৰা মতে শীঘ্ৰেই তেওঁ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব।

You might also like