নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ সমাজৰ পৰা অসূয়া–প্রীতি দূৰ কৰাৰ প্রার্থনাৰে আজি ৰাজ্যবাসীয়ে পালন কৰিব কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী৷ কালী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে।
On the auspicious occasion of #Diwali, I extend my heartiest greetings and best wishes to all the fellow citizens living in India and abroad. May this grand festival of happiness and light bring delight, peace and prosperity to each and every house of our country.
— President of India (@rashtrapatibhvn) November 14, 2020
এক টুইটযোগে প্রধানমন্ত্রী দেশবাসীক শুভেচ্ছা জনাই সকলোৰে জীৱন উজ্জ্বল আৰু সুখৰ কামনা কৰে। ইয়াৰ পূৰ্বে শুকুৰবাৰে এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে সীমান্তত প্রতিনিয়ত কর্মৰত জোৱানসকলৈ সম্মান প্রদর্শন কৰি তেওঁলোকৰ বাবে চাকি জ্বলোৱাৰ অনুৰোধ কৰে।
सभी देशवासियों को दीपावली की हार्दिक मंगलकामनाएं।
Wishing everyone a Happy Diwali! May this festival further brightness and happiness. May everyone be prosperous and healthy.
— Narendra Modi (@narendramodi) November 14, 2020
উল্লেখ্য যে বিগত বর্ষকেইটাৰ লেখিয়া এইবেলিও সীমান্তত কর্মৰত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজি পোহৰৰ উৎসৱ দীপাৱলী ৰাজস্থানৰ পাকিস্তান সীমান্তৱর্তী জয়ছেলমাৰত কর্মৰত সেনা জোৱানৰ সৈতে উদযাপন কৰিব প্রধানমন্ত্রী মোদীয়ে৷