নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ইতিহাস সৃষ্টিৰে উত্তৰ প্রদেশত একেৰাহে দ্বিতীয়বাৰৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’বলৈ আগবঢ়া যোগী আদিত্য নাথৰ শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি বিজেপিৰ শীর্ষ নেতাসকল উপস্থিত থাকিব৷
ইয়াৰ উপৰি বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি বিৰোধীৰ শীর্ষ নেতা কংগ্রেছৰ ছোনিয়া গান্ধী, সমাজবাদী পার্টীৰ মুলায়েম সিং যাদৱ উপস্থিত থাকিব৷ অহা ২৫ মার্চত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্রীৰ শপতগ্রহণ কৰিবলগীয়া যোগী আদিত্য নাথে ইতিমধ্যে উল্লিখিত বিশিষ্ট ব্যক্তিসকললৈ নিমন্ত্রণী পত্র প্রেৰণ কৰিছে৷
তাৎপর্যপূর্ণ যে যোৱা ১০ মার্চত ঘোষিত বিধানসভা নির্বাচনৰ ফলাফলত একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্রদেশত চৰকাৰ গঠন কৰিবৰ বাবে প্রয়োজনীয় মেজিক নম্বৰ লাভ কৰিছে বিজেপিয়ে৷