নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্রোহী কৃষকক কৰযোৰে মোদীৰ আহ্বান

‘একেনিশাই এই আইন হোৱা নাছিল’

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ নতুন তিনি কৃষি আইন বাতিলৰ দাবীৰে নতুন দিল্লীৰ সীমান্তত চলাই থকা কৃষকৰ আন্দোলনে ২৩ দিনত ভৰি দিলে৷ তিনি কৃষি আইন বাতিলৰ দাবীৰে কৃষকে চলাই থকা আন্দোলনৰ মাজতে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষি আইনৰ প্রাসংগিকতাক লৈ মধ্যপ্রদেশৰ কৃষকৰ সৈতে বার্তালাপ কৰে৷ ভিডিঅ’ কনফাৰেঞ্চযোগে অন্ধ্রপ্রদেশৰ কেইবালক্ষ লোকক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় চৰকাৰৰ নতুন তিনি কৃষি আইনক প্রশংসা কৰে৷ বিৰোধী দলে এই কৃষি আইনক লৈ মিথ্যাচাৰ চলাই থকা বুলি অভিযোগ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ চৰকাৰে কৃষকৰ হিত আৰু কল্যাণৰ বাবে অহোপুৰুষার্থ কৰি আহিছে বুলি কয়৷ প্রতিবাদী কৃষকক বিৰোধীয়ে বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি প্রধানমন্ত্রীগৰাকীয়্ তিনি কৃষি আইনৰ জৰিয়তে এম এছ পি আৰু এখনো মান্দি বন্ধ নহয় বুলি স্পষ্ট কৰি দিয়ে৷ কৃষি আইন সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয় যে কৃষি আইন একেনিশাৰ ভিতৰতে বলৱৎ কৰা হোৱা নাই৷ বিগত ২০–৩০ বছৰ ধৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰে এই সংস্কাৰক লৈ আলোচনা চলাই আহিছে৷ তদুপৰি কৃষিখণ্ডত সংস্কাৰক লৈ চলি থকা দাবী সন্দর্ভত কৃষি বিজ্ঞানী, বিশেষজ্ঞ আৰু প্রগতিশীল কৃষকৰ পৰামর্শ গ্রহণ কৰা হৈছিল৷

ইতিমধ্যে কৃষি আইন বলৱৎ হোৱা কেইবামাহ অতিক্রম কৰাৰ পাছত হঠাতে এই তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে কৃষকসকলে আন্দোলন চলোৱাৰ আঁৰত বিৰোধীৰ প্রৰোচনা থকা বুলিও উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– প্রতিবাদী কৃষকসকলে যদি তিনি কৃষি আইনক লৈ উদ্বিগ্ণ হৈ আছে, তেতিয়াহ’লে তেওঁলোকৰ ওচৰত বিনম্রতাৰে আমি মূৰ দোঁৱাইছোঁ, কৰযোৰে আহ্বান জনাইছোঁ যে তেওঁলোকৰ সকলো শংকা দূৰ কৰিবলৈ আমি ইচ্ছুক৷ তদুপৰি তেওঁলোকৰ লগত সকলো বিষয়ত আলোচনাৰ বাবে সাজু৷ আনহাতে, যিসমূহ দলে আজি কৃষি আইনক লৈ বিৰোধ কৰিছে, তেওঁলোকেই নির্বাচনী ইস্তাহাৰত সংস্কাৰৰ প্রতিশ্রুতি দিছিল বুলিও উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– সেই দলসমূহ আজি বেদনাৰে সিক্ত৷ তেওঁলোকে নিজকে সুধিছে, আমি যিবোৰ কৰিব নোৱাৰিলোঁ, মোদীয়ে কেনেকৈ কৰিব পাৰিলে৷ কিয় তেওঁলোকে মোদীক কৃতিত্ব দিব? এই সন্দর্ভত মোৰ উত্তৰ– আপোনালোকেই কৃতিত্ব লওক৷ আনকি মই আপোনালোকৰ ইস্তাহাৰকেই কৃতিত্ব দিম৷ মোক কৃতিত্ব নালাগে৷ মই বিচাৰোঁ কৃষকসকলৰ জীৱন উন্নীত হওক৷ কৃষকক বিপথে পৰিচালিত কৰাটো বন্ধ কৰক৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘ভাৰতীয় কৃষকসকল যাতে বিশ্বমানৰ সুবিধাৰ পৰা পিছপৰি থাকিব নালাগে, তাৰ বাবেই এই সংস্কাৰৰ আৱশ্যক৷’ ভিডিঅ’ কনফাৰেঞ্চযোগে ভূপালত সমৱেত লক্ষাধিক কৃষকক সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়্ তেওঁৰ চৰকাৰে ৰাজ্যখনৰ ৩৫ লাখ কৃষকৰ বেংক একাউণ্টত ধন প্রত্যক্ষভাৱে হস্তান্তৰ কৰা বুলি উল্লেখ কৰে৷ প্রাকৃতিক দুর্যোগৰ বাবে ক্ষতিগ্রস্ত হোৱা ৰাজ্যখনৰ ৩৫ লাখ কৃষকৰ বেংক একাউণ্টলৈ ৩৫ লাখ কোটি টকা জমা কৰা হৈছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ তদুপৰি বহু কৃষকক কিষাণ ক্রেডিট কার্ড প্রদান কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে পূর্বৰ চৰকাৰৰ সময়ত সকলো দিশতে কিষাণ ক্রেডিট কার্ড লাভ কৰা নাছিল৷ কিন্তু এই চৰকাৰে নিয়ম সলনি কৰি দেশৰ সকলো কৃষকক এই কার্ড প্রদান কৰিছে৷ নতুন কৃষি আইন স্বামীনাথন কমিটীৰ প্রতিবেদনৰ অনুমোদনমর্মে বলৱৎ কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে পূর্বৰ চৰকাৰে তথা বর্তমান বিৰোধীৰ আসনত থকা দলে ৮ বছৰ ধৰি এই কমিটীৰ প্রতিবেদন পেলাই ৰাখিছিল৷ সাম্প্রতিক সময়ত বিশ্বৰ স্থিতি দ্রুতগতিত সলনি হৈছে৷ গতিকে ভাৰতেও এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু দেৰি কৰিব নোৱাৰে৷ ইতিমধ্যে বহু পলম হৈছে৷ কৃষিখণ্ডত সংস্কাৰ নকৰিলে সুবিধা আৰু আধুনিক পদ্ধতিৰ অভাৱত দেশৰ কৃষকসকল অসহায় হৈ পৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত তিনি কৃষি আইন বলৱৎ কৰা হৈছে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কেন্দ্রীয় চৰকাৰৰ পি এম কিষাণ আঁচনিৰ জৰিয়তে দেশৰ কৃষকে বার্ষিক লাভান্বিত হৈ আছে বুলি মন্তব্য কৰে৷ প্রায় এঘণ্টা ধৰি কৃষকসকলক সম্বোধন কৰা প্রধানমন্ত্রীগৰাকীয়্ ইউৰিয়াৰ ওপৰত ভাৰত আত্মনির্ভৰশীল হ’ব বুলি কয়৷ ইউৰিয়াৰ বাবে কৃষকে পূর্বৰ দৰে দিনে–নিশাই শাৰী পাতি থাকিব নালাগে বুলি উল্লখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে চৰকাৰে ক’লা বজাৰ বন্ধ কৰিছে৷ ইউৰিয়াৰ নাটনিৰ যাতে সন্মুখীন হ’ব নালাগে, তাৰ বাবে পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰিছে৷ ফলত কৃষকসকলে সহজতে ইউৰিয়া পোৱাটো নিশ্চিত হৈছে৷ প্রধানমন্ত্রীগৰাকীয়্ কৃষকক সম্বোধন কৰাৰ পূর্বে ভার্চুৱেলযোগে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে প্রধানমন্ত্রীক আদৰণি জনায়৷

You might also like