নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিধেয়কে সলনি কৰিব কৃষকৰ অর্থনৈতিক স্থিতি

প্রধানমন্ত্রী মোদীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত কৃষি বিধেয়ক গৃহীত হোৱাত সদনৰ ভিতৰৰ লগতে বাহিৰতো বিৰোধীয়ে প্রতিবাদী কার্যসূচী গ্রহণ কৰাক লৈ বিৰোধী দলক কঠোৰ সমালোচনা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২১ শতিকাৰ বাবে কৃষি বিধেয়ক ঐতিহাসিক আৰু অতি আৱশ্যকীয় বুলি কংগ্রেছসহ বিৰোধীক প্রধানমন্ত্রী মোদীয়ে সমালোচনা কৰি কয় যে বিৰোধী বিতর্কৰ সৃষ্টিকাৰক, নিজৰ নিয়ন্ত্রণ হেৰুওৱাৰ ভয়ত কৃষকক ভুল তথ্যৰে উৎসাহিত কৰি আহিছে৷ ইপিনে কেন্দ্রীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত বিৰোধীৰ অসন্তুষ্টিক আওকাণ কৰি গৃহীত কৰা কৃষি বিধেয়ক সন্দর্ভত মোদীয়ে কয় যে নতুন কৃষি বিধেয়কে দেশৰ কৃষকৰ অর্থনৈতিক স্থিতি সলনি কৰিব৷ মান্দি (কৃষি বজাৰ) আৰু এম এছ পি (নূ্যনতম সমর্থন মূল্য) অব্যাহত থাকিব৷ ভিডি’ কনফাৰেঞ্চযোগে বিহাৰত কেইবাটাও প্রকল্প উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই বিধেয়কখনৰ জৰিয়তে কৃষকে এতিয়া তেওঁলোকৰ উৎপাদিত সামগ্রী যিকোনো মূল্যত য’তে–ত’তে বিক্রী কৰিব পাৰিব৷ কৃষকসকলক আশ্বাস দি প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয় যে কৃষি বিধেয়কখন মান্দি আৰু চৰকাৰে তেওঁলোকৰ উৎপাদিত সামগ্রী ক্রয় কৰা আৰু এম এছ পি অব্যাহত ৰাখিব৷ তাৎপর্যপূর্ণ যে কৃষি বিধেয়কক লৈ বিজেপি নেতৃত্বাধীন এন ডি এৰ সহযোগী শিৰোমণি আকালি দলৰ একমাত্র মন্ত্রী হৰছিম ৰাট কৌৰ বাদলে পদত্যাগ কৰাৰ পাছতে দিল্লী ৰাজনীতি উত্তাল হৈ পৰিছে৷ আনপিনে পঞ্জাব, হাৰিয়ানাকে ধৰি ভিন্ন প্রান্তত কৃষকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰি আছে৷ এনে সময়তে আজি প্রধানমন্ত্রীগৰাকীয়্ কয়–কালি সংসদত দুখন কৃষি বিধেয়ক গৃহীত হৈছে৷ মই কৃষকসকলক অভিনন্দন জনাইছোঁ৷ ইয়ে বর্তমান সময়ৰ আৱশ্যক অনুযায়ী কৃষিখণ্ডত পৰিৱর্তন আনিব৷ কৃষকৰ কাৰণেই আমাৰ চৰকাৰখনে এই সংস্কাৰ আনিছে৷ এই বিধেয়কে কৃষকক সবলীকৰণ কৰি মুক্তভাৱে তেওঁলোকৰ উৎপাদিত সামগ্রী বাণিজ্য কৰাত সহায় কৰিব৷ দেশৰ মান্দি আধুনিকীকৰণৰ বাবে একমাত্র এন ডি এ চৰকাৰেই অহৰহ কাম কৰি আছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ বিধেয়ক সন্দর্ভত কৃষকসকলক বিৰোধীৰ অপপ্রচাৰৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনোৱাৰ সমান্তৰালকৈ বিৰোধীক কঠোৰ শব্দৰে সমালোচনা কৰে প্রধানমন্ত্রীগৰাকীয়্৷ তেওঁ কয় যে দেশজুৰি কৃষকক বিৰোধীয়ে বিপথে পৰিচালিত কৰি আছে৷ যিসকলে কৃষকক বিধেয়কখনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ উচটাই আছে, সেইসকলে কেতিয়াও স্বামীনাথন কমিটীৰ প্রতিবেদন বলৱৎ কৰিবলৈ চেষ্টা নকৰিলে বুলি কটাক্ষ কৰে৷ তদুপৰি বিগত ৫ বছৰত কৃষকৰ উৎপাদিত সামগ্রী অভিলেখসংখ্যক চৰকাৰে ক্রয় কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা ভাইৰাছ সৃষ্ট পৰিৱেশৰ মাজতো কৃষকে উৎপাদন কৰা ঘেঁহু অভিলেখসংখ্যক ক্রয় কৰিছে চৰকাৰে৷ কৃষকক এম এছ পি ১.১৩ লাখ কোটি টকা প্রদান কৰিছে৷ এই মূল্য বিগত বর্ষৰ তুলনাত ৩০ শতাংশ অধিক৷
এমএছপিৰ বৃদ্ধিত অনুমোদন কেন্দ্রীয় কেবিনেটৰ
নতুন কৃষি বিধেয়কৰ জৰিয়তে চৰকাৰে এমএছপি প্রত্যাহাৰ কৰিব বুলি দেশজুৰি কৃষকে শংকিত হৈ থকাৰ সময়তে আজি এমএছপি (নূ্যনতম সমর্থন মূল্য) বৃদ্ধিত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে৷ বিৰোধীয়ে চলিত বর্ষাকালীন অধিৱেশনৰ সদনৰ ভিতৰৰ লগতে বাহিৰতো প্রতিবাদ কৰি কৃষকক এমএছপিক লৈ অপপ্রচাৰ চলাই থকাৰ পৰিপ্রেক্ষিততে আজি কেন্দ্রীয় কেবিনেটে এমএছপি বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰি চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্রমাৰ কেবিনেট কমিটী (চিচিইএ)ৰ বৈঠকত ৰবিশস্যৰ এমএছপি বৃদ্ধিত অনুমোদন জনায়৷ আজি সন্ধিয়া বৈঠকত কেবিনেটে স্বামীনাথন আয়োগৰ অনুমোদনৰ ভিত্তিতেই ৰবিশস্যৰ এমএছপি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি প্রকাশ কৰা হৈছে৷ ৰবিশস্যৰ এমএছপি বৃদ্ধি অনুসৰি প্রতি কুইণ্টল ঘেঁহুত ৫০ টকা কৰা হৈছে৷ ইয়াকে লৈ ঘেঁহুৰ প্রতি কুইণ্টলত মূল্য হ’ব ১৯৭৫ টকা৷ তাৎপর্যপূর্ণ যে কৃষি বিধেয়কক লৈ পঞ্জাব, হাৰিয়ানাত কৃষকসকলে প্রতিবাদ সাব্যস্ত কৰি থকাৰ পৰিপ্রেক্ষিততেই ঘেঁহুৰ এমএছপি বৃদ্ধিত কেবিনেটে গুৰুত্ব দিয়ে৷ এনেদৰে সৰিয়হত প্রতি কুইণ্টলত ২২৫ টকাকৈ বৃদ্ধি কৰাত প্রতি কুইণ্টল সৰিয়হৰ মূল্য হ’ব ৪,৪৫০ টকা৷ ইয়াৰ উপৰি বুটৰ প্রতি কিলোগ্রামত ২২৫ টকাকৈ বৃদ্ধি কৰাত মূল্য হ’ব ৫,১০০ টকা৷ দাইলত প্রতি কুইণ্টলত ৩০০ টকা বৃদ্ধি কৰাত নতুন মূল্য হ’ব ৫,১০০ টকা৷

You might also like