নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰক আক্রমণৰ ধাৰা অব্যাহত ৰাখিছে৷ কালি কংগ্রেছ নেতাগৰাকীয়ে ৩.৩৯ মিনিটৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰি মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷
ভিডিঅ’ত ৰাহুল গান্ধীয়ে কয় যে কেন্দ্রীয় চৰকাৰ তথা বিজেপি চৰকাৰে বিগত ৬ বছৰে শাসনৰ গাদীত থাকি অসংগঠিত খণ্ডসমূহক আক্রমণৰ দ্বাৰা দেশৰ অর্থনীতি বিধ্বস্ত কৰিছে৷ বিমুদ্রাকৰণ, ভুলভাৱে জিএছটি ৰূপায়ণ আৰু ক’ভিড–১৯ৰ নামত লকডাউনৰ দ্বাৰা অসংগঠিত খণ্ডসমূহক বিধ্বস্ত কৰিছে৷