তামিলনাডুত মোদী ইডলী, ১০ টকাত ৪টা…
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ তামিলনাডুৰ ছালেমত এইবাৰ বিক্ৰী হ’ব মোদী ইডলী। ১০ টকাত ৪টাকৈ দিয়া হ’ব মোদী ইডলী। পোষ্টাৰ আঁৰি জনোৱা হৈছে এই কথা। বিজ্ঞাপনৰ পোষ্টাৰত তামিল ভাষাত লিখা হৈছে এইদৰে- ‘লোটাছ হিৰো মহেশৰ মোদী ইডলী। চাৰিটা ইডলী মাত্ৰ ১০ টকাত। লগতে আছে ছাম্বাৰ। আধুনিক শৈলীৰে বনোৱা সুস্বাদু আৰু স্বাস্থ্যসন্মত।’
তামিলনাডুৰ প্ৰিয় খাদ্য ইডলী সস্তা দামত বিক্ৰী কৰাৰ এই জোৰদাৰ প্ৰস্তুতি চলাইছে তামিল বিজেপিয়ে। দলৰ তৰফৰ পৰা জনোৱা হৈছে যে এনে কাৰ্যসূচী গ্ৰহণৰ মূল কাৰণ হ’ল জনসংযোগ। ইতিমধ্যে ছালেম চহৰৰ চাৰিওফালে ১০ টকাত ৪টা মোদী ইডলীৰ বিজ্ঞাপন অঁৰা হৈছে। তামিলনাডু বিজেপিৰ সহঃ সভাপতি মহেশে জনাই যে বিজেপিৰ বৈঠকত সস্তা দামত ইডলী বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ৰাজ্যখনৰ প্ৰচাৰ বিভাগৰ সাধাৰণ সম্পাদক ভাৰত আৰ বালসুব্ৰহ্মণ্যমে কয় যে প্ৰথম পৰ্যায়ত মোদী ইডলীৰ দোকান আৰম্ভ কৰা হ’ব ২২খন। ইয়াৰ পিছত ইয়াৰ সংখ্যা আৰু বঢ়োৱা হ’ব। প্ৰতিদিনে ৪০,০০০ ইডলী তৈয়াৰ কৰিব পৰা যন্ত্ৰ ইতিমধ্যে অনা হৈ গৈছে, হয়তো মাত্ৰ কেইদিনমানৰ ভিতৰতে ছালেম চহৰত ভৰি পৰিব সস্তা মোদী ইডলী।
তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পলানিস্বামীৰ জন্মস্থান ছালেম চহৰত অঁৰা এনে বিজ্ঞাপনে বিশেষ চৰ্চা লাভ কৰিছে।