বিশ্বৰ সবাতোকৈ দীঘল সুৰংগ পথ ‘অটল টানেল’ উদ্বোধন মোদীৰ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ হিমালয়ৰ বুকুত খোদিত বিশ্বৰ সবাতোকৈ দীঘল সুৰংগ ঘাইপথ ‘অটল টানেল’ দেশবাসীক অর্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ হিমাচল প্রদেশৰ ৰোহটাঙত নির্মিত মানালি–লাহোৱাল স্পিটি উপত্যকা সংযোগী ৯.০২ কিলোমিটাৰ দৈর্ঘ্যৰ অটল সুৰংগ কালি প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰে৷
কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, সেনাবাহিনীৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানে, হিমাচল প্রদেশৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰৰ উপস্থিতিত অটল সুৰংগ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে বিৰোধী কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ সপোন সার্থক হোৱাৰ এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে সুৰংগ পথটোৱে দেশৰ সীমান্তৰ আন্তঃগাঁথনি শক্তিশালী কৰিব বুলি কয়৷
উদ্বোধনী ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়– অটল সুৰংগই ভাৰতৰ সীমান্তৰ আন্তঃগাঁথনিক নতুন শক্তি প্রদান কৰিব৷ বিশ্ব শ্রেণীৰ সীমান্ত সংযোগৰ এক উদাহৰণ৷ সীমান্তৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছিল যদিও দীর্ঘসময় ধৰি এনেধৰণৰ প্রকল্পক পৰিকল্পনাতেই আবদ্ধ কৰি ৰাখিবলগীয়া হৈছিল৷
এই সুৰংগটো অকল হিমাচল প্রদেশৰ বাবেই গুৰুত্বপূর্ণ নহয়৷ এই সুৰংগটোৰে লাডাখৰ সৈতেও সংযোগ হ’ব৷ ফলত পর্বতৰ জনতাৰ ভ্রমণৰ সময় চাৰি বা পাঁচ ঘণ্টা হ্রাস পাব৷ সুৰংগটোৰ গুৰুত্বৰ ওপৰত মন্তব্য দি প্রধানমন্ত্রী মোদীয়ে নাম নোলোৱাকৈ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
মন কৰিবলগীয়া যে অসমৰ ব্রহ্মপুত্রৰ ওপৰত নির্মিত বগীবিল দলং উদ্বোধনৰ সৌভাগ্যও তেওঁৰ হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে এই দলংখনে অৰুণাচল প্রদেশৰ সৈতে সামৰিক কৌশলগত যোগাযোগৰ এক গুৰুত্বপূর্ণ মাধ্যম হৈ পৰিছে৷ বগীবিল দলংখনো প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ সপোন আছিল৷