নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক ক্ষুৰধাৰ সমালোচনা মোদীৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জম্মু–কাশ্মীৰৰ বাসিন্দাসকলৰ বাবে  আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনি আজি মুকলি কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভিডিঅ’ কনফাৰেঞ্চিংযোগে এই কার্যসূচীত এই আঁচনি মুকলি কৰি প্রধানমন্ত্রীগৰাকীয়ে কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ বাবে কালিৰ দিনটো এক ঐতিহাসিক দিন বুলি ঘোষণা কৰে৷

আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা (এবি–পিএমজেৱাই) আঁচনিৰ জৰিয়তে জম্মু–কাশ্মীৰৰ সকলো পৰিয়ালে এই আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে মোদীয়ে৷ জম্মু–কাশ্মীৰত বিগত দুটা বছৰত আয়ুষ্মান ভাৰত যোজনা ১.৫ কোটিতকৈ অধিক পৰিয়ালে বিভিন্ন ৰোগত চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে৷

ইতিমধ্যে ১ লাখতকৈ অধিক পৰিয়ালে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত সকলো পৰিয়ালকে এই সুযোগ দিয়া হ’ব বুলি ঘোষণা কৰিছে মোদীয়ে৷ ইফালে, জম্মু–কাশ্মীৰত ৭খন মেডিকেল কলেজ, ১৫খন নার্ছিং কলেজ স্থাপন কেন্দ্রৰ অনুমোদনৰ কথা ঘোষণা কৰি মোদীয়ে উল্লেখ কৰে যে কাশ্মীৰত সৃষ্টি কৰা হ’ব নিয়োগৰ সুযোগ৷

লক্ষণীয়ভাৱে কংগ্রেছে জম্মু–কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নির্বাচন অনুষ্ঠিত কৰা বিষয়টো সন্দর্ভত মোদীক সমালোচনা কৰা ঘটনা সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ আজি দলটোক কটাক্ষ কৰিছে৷ মোদীয়ে উল্লেখ কৰে যে যিসকলে দিল্লীৰ পৰা তেওঁক গণতন্ত্রৰ নিতৌ পাঠ দি আছে, তেওঁলোকে কিন্তু পুডুচেৰীৰ শাসনত থাকিও স্থানীয় নির্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই৷

উল্লেখ্য যে পুডুচেৰীত কংগ্রেছ ক্ষমতাত থকা সত্ত্বেও পঞ্চায়ত আৰু পৌৰ নির্বাচন অনুষ্ঠিত কৰা হোৱা নাই৷ একেই কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নির্বাচন অনুষ্ঠিত কৰা বিষয়টো সন্দর্ভত দলটোৰ নেতা ৰাহুল গান্ধীয়ে মোদীক সমালোচনা কৰি আহিছে৷

You might also like