নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ মাজতে এছিয়াৰ বহিঃদেশলৈ প্রথমটো ভ্রমণেৰে আমেৰিকা যুক্তৰাষ্ট্রলৈ ৰাওনা প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৬সংখ্যক অধিৱেশনৰ লগতে মার্কিন ৰাষ্ট্রপতিসহ কেইবাখনো দেশৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হোৱাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীৰ চাৰিদিনীয়া আমেৰিকা ভ্রমণ কার্যসূচী৷ ২২ ছেপ্টেম্বৰ পৰা ২৫ ছেপ্টেম্বৰলৈ এই ভ্রমণসূচীৰে মার্কিন যুক্তৰাষ্ট্রলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে এয়াৰ ইণ্ডিয়া ৱানৰ সংগী হ’ব৷ চলিত বর্ষৰ মার্চ মাহত বাংলাদেশ ভ্রমণত ব্যৱহাৰ কৰা এয়াৰ ইণ্ডিয়া ৱানেৰে প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্রমণলৈ গৈছে৷
ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ বাবে সুকীয়াকৈ চৰকাৰে ক্রয় কৰা বয়িং ৭৭৭ ভি ভি আই পি বিমানখন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে ব্যৱহাৰ কৰা এয়াৰফ’চ ৱানৰ দৰে সা–সুবিধাযুক্ত৷ অতি কঠোৰ নিৰাপত্তা ব্যৱস্থা থকা এই এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট হৈছে বায়ুসেনা বাহিনীৰ বিশেষভাৱে প্রশিক্ষিত পাইলট৷ বিমানখনত কেইবাটাও কনফাৰেঞ্চ ৰুম থকাৰ লগতে প্রধানমন্ত্রীৰ বাবে এক কার্যালয় সন্নিৱিষ্ট হৈ আছে৷ ইন্ধন ভৰাবলৈ যাত্রা পথত কোনো ঠাইত অৱতৰণ কৰিবলগীয়া নহয় এই বিমানখন৷ এয়াৰ ইণ্ডিয়া ৱান বিমানখনেৰে একেৰাহে আমেৰিকালৈ যাব পাৰি৷ আমেৰিকা ভ্রমণৰ সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন, উপ–ৰাষ্ট্রপতি কমলা হেৰিছ, অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন আৰু জাপানৰ প্রধানমন্ত্রী যোশীহিডে ছুগাৰ সৈতে বৈঠকত মিলিত হ’ব৷ ইয়াৰ উপৰি আমেৰিকাৰ প্রযুক্তি কোম্পানী চি ই অ’ৰ সৈতে প্রধানমন্ত্রী মোদীয়ে অন্তৰংগ আলাপত মিলিত হ’ব৷ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীলৈ উভতি অহাৰ পূর্বে মোদীয়ে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৬সংখ্যক অধিৱেশনত অংশ ল’ব৷
ইপিনে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰাৰ পৰিৱর্তে আমেৰিকাগামী প্রধানমন্ত্রী মোদীৰ এয়াৰ ইণ্ডিয়া ৱানে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিছে৷ ২০১৯ চনত জন্মু–কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰাৰ পাছতে পাকিস্তানে ভাৰতৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীক দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিল৷ তিনিবাৰকৈ অনুমতি নিদিয়া পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্রগামী প্রধানমন্ত্রীৰ বিমান দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে পাকিস্তানক এই সন্দর্ভত অনুমতি বিচাৰি আহ্বান জনোৱাৰ পাছতে দেশখনে আকাশমার্গ ব্যৱহাৰৰ অনুমতি দিয়ে৷