নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ যেতিয়া ভাৰত বিকশিত হয়, বিশ্ব বিকশিত হয়৷ যেতিয়া ভাৰতত সংস্কাৰ হয়, সলনি হয় বিশ্ব৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কত অনুষ্ঠিত ৭৬সংখ্যক ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই বক্তব্যৰে বিশ্বৰ মানচিত্রত ভাৰতৰ শক্তিশালী ঐতিহ্যক প্রতিফলন কৰে৷
শনিবাৰে সন্ধিয়া আৰম্ভ হোৱা ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ভাষণ আৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে বিগত ১০০ বছৰৰ ভিতৰত ভয়াৱহ ক’ভিড–১৯ মহামাৰীৰ বাবে প্রাণ হেৰুওৱা লোকসকলক স্মৰণ কৰাৰ লগতে পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় গণতন্ত্রৰ ঐতিহ্য, সন্ত্রাসবাদকে ধৰি বিভিন্ন বিষয়ক লৈ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রীগৰাকীয়ে প্রত্যক্ষভাৱে দেশখনে সন্ত্রাসবাদক ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰি থকা বুলি অভিযোগ কৰি ৰাষ্ট্রসংঘৰ মজিয়াত পাকিস্তানৰ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতিক উদঙাই দিয়ে৷ তালিবানে নিজৰ দখললৈ অনা আফগানিস্তানৰ ভূমিৰ পৰা যাতে সন্ত্রাসবাদ সম্প্রসাৰণ হ’ব নোৱাৰে তাৰ প্রতি বিশ্বৰ দেশসমূহক সূক্ষ্ম দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে দেশখনত যাতে সকলো সময়তে মহিলা–শিশু–সংখ্যাল সম্প্রদায়ৰ লোকসকলক সহায় আগবঢ়ায় তাৰ বাবে আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে৷ দেশে স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদযাপন কৰা উপলক্ষে ভাৰতীয় শিক্ষার্থীৰ দ্বাৰা নির্মাণ কৰা ৭৫টা কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব বুলি উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত দেশে গ্রহণ কৰা পদক্ষেপৰ জৰিয়তে বিশ্বৰ আন দেশো লাভান্বিত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে বিদেশৰ প্রখ্যাত ক’ভিড ভেকচিন প্রস্তুত কৰা কোম্পানীসমূহক ভাৰতলৈ আহিবলৈ আহ্বান জনায়৷ ভাৰতলৈ আহি সেই কোম্পানীসমূহে ভেকচিন প্রস্তুত কৰাৰ বাবে বিশেষভাৱে প্রধানমন্ত্রীগৰাকীয়্ আহ্বান জনায়৷ দেশৰ বিকাশ সর্বব্যাপক হোৱাৰ লগতে সার্বজনীন হোৱাৰ উপৰি ইয়াৰ জৰিয়তে সকলোকে প্রতিপালন কৰিব পৰা হ’ব লাগে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ ক’ৰোনা মহামাৰীয়ে বিশ্বৰ অর্থনীতিত পেলোৱা নেতিবাচক প্রভাৱে বিশ্বৰ দেশসমূহক অর্থনৈতিক লৈ নতুন ধাৰণা জন্মোৱাৰ প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷
বিশ্বৰ প্রথম ডিএনএ ভেকচিন ভাৰতে বিকশিত কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আমাৰ দেশৰ বৈচিত্র্যতাই শক্তিশালী গণতন্ত্রৰ পৰিচয়৷ বিভিন্ন ভাষা, উপ–ভাষা, বিভিন্ন জীৱনশৈলী আৰু বিভিন্ন ৰন্ধনশৈলীৰে দেশখন হৈছে প্রাণৱন্ত গণতন্ত্রৰ উজ্জীৱিত উদাহৰণ৷ ভাষণত প্রধানমন্ত্রীগৰাকীয়্ অর্থশাস্ত্রবিদ আচার্য চাণক্য, কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ আৰু দীনদয়াল উপাধ্যায়ৰ আপ্তবাক্য আওৰায়৷ প্রধানমন্ত্রীয়ে আচার্য চাণক্যৰ আপ্তবাক্য আওৰায় এনেদৰে– ‘যেতিয়া শুদ্ধ কাম সঠিক সময়ত কৰা নাযায় তেতিয়া সময়ে ভাল কামৰ সফলতাক বিনষ্ট কৰি দিয়ে৷’ তেনেদৰে কবিগুৰু ৰবীন্দ্র ঠাকুৰৰ আপ্তবাক্য– ‘ভাল কামৰ বাবে সাহসিকতাৰে আগবাঢ়ি গ’লে সেই পথত অহা যিকোনো বাধা অতিক্রম কৰিব পৰা যায়৷’ অর্থনীতি আৰু পৰিৱেশতন্ত্রৰ মাজত ভাৰসাম্য বর্তাই ৰাখি দেশে বিকাশৰ গতি আগবঢ়াই লৈ যোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ প্রযুক্তিগত আৰু বিজ্ঞান আধাৰিত বিকাশৰ দৃষ্টিভংগীক প্রাধান্য দিয়া বুলি কয়৷