নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ বেছিভাগ মানুহেই তেওঁলোকৰ বিবাহক লৈ বিশেষভাৱে আগ্ৰহী হয়। বিয়াৰ সকলো আয়োজনৰ ভিতৰত অন্যতম হৈছে কইনা আনিবলৈ যোৱা দৰাৰ গাড়ীখন। বিশেষকৈ যেতিয়া এজন দৰাই বিয়া কৰিবলৈ কইনাৰ ঘৰত উপস্থিত হয়, তেতিয়া আমি সাধাৰণতে দৰাক গাড়ীত যোৱা দেখিবলৈ পাওঁ। অৱশ্যে কিছু ক্ষেত্ৰত ব্যতিক্ৰমো দেখা যায়। কিয়নো কইনা আনিব যাওতে বহুলোকে হেলিকপ্টাৰ ভাড়া কৰাৰ ঘটনাও আজিৰ তাৰিখত নতুন নহয়।
বিহাৰৰ চম্পাৰণত এনে এক ঘটনাই পোহৰলৈ আহিছে। চম্পাৰণৰ বাগাহা জিলাত এনে এখন হেলিকপ্টাৰ নিৰ্মাণ কৰা হৈছে, যি হৈছে হেলিকপ্টাৰ আৰু গাড়ীৰ মিশ্ৰণ। এজন মেকানিকে এখন নেনো গাড়ী হেলিকপ্টাৰলৈ পৰিৱৰ্তন কৰিছে। মেকানিকজনৰ নাম গুড্ডু শৰ্মা। এই সন্দৰ্ভত তেওঁ কৈছে যে এই বিশেষ হেলিকপ্টাৰখন নিৰ্মাণ কৰিবলৈ প্ৰায় ১.৫ লাখ টকা খৰচ হৈছে। ইয়াক অধিক মানদণ্ডৰ হাই-টেক লোক দিবলৈ প্ৰায় ২ লাখ টকা অধিক ব্যয় হ’ব। এই হেলিকপ্টাৰৰ চাহিদা ইমান বেছি যে হেলিকপ্টাৰখন এতিয়াও নিৰ্মাণ কৰি হোৱা নাই।
কিন্তু ইয়াৰ স্বত্বেও, ইতিমধ্যে ইয়াৰ বাবে বুকিং আৰম্ভ হৈ আছে। এই হেলিকপ্টাৰখন ইমান উচ্চ-প্ৰযুক্তিৰ যে হেলিকপ্টাৰৰ ভিতৰৰ ফেন, লাইট আৰু আনকি পিছফালৰ উইং সকলোবোৰ চেন্সৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হ’ব। এনে এক অনন্য প্ৰযুক্তিৰে নিৰ্মিত হেলিকপ্টাৰখন বিবাহৰ দৰাৰ বাহন হিচাপে ব্যৱহাৰ কৰা হ’ব।