নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ বৃদ্ধাক ৰোগশয্যাত স্নেহস্পর্শ বান্দৰৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত বিভিন্ন সময়ত বহু ঘটনাৰ ভিডিঅ’ক লৈ আলোড়ন সৃষ্টি হৈ আহিছে৷ শেহতীয়াকৈ এটা ভিডি’ই ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ মানুহ নহয় তথাপি তাৰ ভাব হুবহু মানুহৰ দৰে৷ ৰোগীক দেখা কৰিবলৈ আহি ৰোগশয্যাত বৃদ্ধা ৰোগীক স্নেহ প্রদান কৰিছে এটা বান্দৰে৷ ৰোগীৰ মূৰত হাত বুলাই সাত্ব্ন্না দিছে এই বান্দৰটোৱে৷ প্রতি পুৱাই বান্দৰটোক ৰুটী খাবলৈ দিছিল বৃদ্ধাগৰাকীয়ে৷ গতিকে, বৃদ্ধাৰ হাতৰ ৰুটী খাই এক আত্মীয়তা গঢ়ি উঠিছিল এই বান্দৰটোৰ৷ হঠাতে এই বৃদ্ধা অসুস্থ হৈ পৰাৰ ফলত বান্দৰটোক ৰুটী দিয়া কার্য বন্ধ হৈ পৰে৷ দুদিন ধৰি বৃদ্ধাক নেদেখি বান্দৰটোৱে বৃদ্ধাগৰাকীৰ ঘৰলৈ আহে৷ আহিয়েই অসুস্থ বৃদ্ধাৰ বিছনাত গৈ জঁপিয়াই উঠে বান্দৰটো৷ শুই থকা অসুস্থ বৃদ্ধাক বিভিন্ন ধৰণে স্নেহ প্রদান কৰাৰ চেষ্টা চলাইছে বান্দৰটোৱে৷ দীর্ঘ সময় ধৰি অসুস্থ বৃদ্ধাৰ ওচৰত বহি থাকিল বান্দৰটো৷ পুনৰ আহি বান্দৰটোৱে বৃদ্ধাক আলিংগন কৰিছে৷ বৃদ্ধাৰ ডিঙিত মূৰ পেলাই শুইছে৷

এনেদৰে বান্দৰটোৱে অসুস্থ বৃদ্ধাগৰাকীক আদৰ–যতন কৰিছে৷ এই ভিডিঅ’ই ইতিমধ্যে ছ’চিয়েল মিডিয়াত আলোড়ন কৰিছে৷ অৱনীছ চৰণ নামৰ এজন আই এ এছ বিষয়াই ছ’চিয়েল মিডিয়াত টুইটাৰযোগে এই ভিডি’টো পোষ্ট কৰিছে৷ বৃদ্ধাৰ কাহিনী উল্লেখ কৰি ভিডি’টোক হূদয়স্পর্শী বুলি আখ্যা দিছে অৱনীছে৷ অৱশ্যে ভিডিঅ’টোক লৈ সমালোচনাৰো সৃষ্টি হৈছে৷ বৃদ্ধাৰ এক আত্মীয়ই বান্দৰটোক দেখি হাতযোৰ কৰিছিল যদিও বান্দৰটোৱে বৃদ্ধাৰ ওচৰৰ পৰা আঁতৰি নগ’ল৷

You might also like