এদিনতে ৬০,১৯৬গৰাকী নতুন ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ক’ৰোনাৰ নতুন ষ্ট্ৰেইনৰ কবলত পৰিছে ইউৰোপ। বিশেষকৈ ব্ৰিটেইনত ইয়াৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱা দেখা গৈছে। ব্ৰিটেইনত এদিনতে ৬০,১৯৬ লোক নতুন ক’ৰোনাৰ সংক্ৰমণত আক্ৰান্ত হৈছে। পূৰ্বতকৈ ৭০ শতাংশ বেছি সংক্ৰমণশীল নতুন ক’ৰোনা ভাইৰাছৰ পৰা দেশখনৰ জনতাক বচোৱাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখা প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে উল্লেখ কৰে যে ইতিমধ্যে লকডাউন ঘোষণা কৰাৰ লগতে ভেকচিন প্ৰদান কৰি থকা হৈছে।