নিয়মীয়া বাৰ্তা, ২৪ মে’: দেশত ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণে সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰা দি ব্লেক ফাংগাছে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ দিল্লী এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ৰ সৈতে সম্পর্কিত ব্লেক ফাংগাছৰ দ্বাৰা আক্রান্ত হৈ দেশত এতিয়ালৈকে ৭ সহস্রাধিক লোকৰ মৃত্যু হৈছে৷
ব্লেক ফাংগাছ বা মাক’ৰমাইক’ছিছ ক’ভিডতকৈও ভয়ংকৰ তথা প্রাণঘাতী বুলি সদৰী কৰিছে দিল্লী এইম্ছৰ মুৰব্বীগৰাকীয়ে৷ আই এ এন এছৰ প্রতিবেদন অনুসৰি দেশত ব্লেক ফাংগাছত এতিয়ালৈকে আক্রান্ত হৈছে ৮,৮৪৮গৰাকী লোক৷ কিন্তু ৰণদীপ গুলেৰিয়াৰ মতে এতিয়ালৈকে দেশত সাত সহস্রাধিক লোক ব্লেক ফাংগাছত প্রাণ হেৰুৱাইছে৷
গুজৰাটত অধিকসংখ্যক লোক ব্লেক ফাংগাছত আক্রান্ত হৈছে৷ বিশিষ্ট চিকিৎসকগৰাকীৰ মতে ৰাজ্যখনত ২,২৮১গৰাকী লোক ব্লেক ফাংগাছৰ দ্বাৰা আক্রান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্রত ২,০০০ লোক এই মাৰাত্মক ভেঁকুৰত আক্রান্ত হৈছে৷
এইম্ছৰ চিকিৎসকগৰাকীয়ে ব্লেক ফাংগাছ সন্দর্ভত উদ্বেগজনক তথ্য সদৰী কৰাৰ লগে লগে নতুন আতংক সৃষ্টি হৈছে৷ অৱশ্যে সংবাদ মাধ্যমত প্রকাশ পোৱা তথ্য অনুসৰি ব্লেক ফাংগাছত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আঢ়ৈশতকৈও কম৷