নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিছাছলৈ ৩০ টন প্রযুক্তি সামগ্রী প্রেৰণ ভাৰতৰ

জাপানৰ তৈলবাহী জাহাজ ধ্বংসৰ পাছতে সমুদ্রৰ জীৱকুললৈ ভাবুকি

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ  দ্বীপ ৰাষ্ট্র মৰিছাছৰ পূব–দক্ষিণ উপকূলত জাপানৰ তেল পৰিবাহী জাহাজ এখন দুর্ঘটনাত পতিত হোৱাৰ ফলত সমগ্র অঞ্চলটোত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি৷ যোৱা সপ্তাহত জাপানৰ জাহাজ এম ভি ৱাকাশ্বি’ এক বিশাল পোৱাল স্তূপত খুন্দা খোৱাৰ পাছত জাহাজখনৰ পৰা কেইবাহাজাৰ টন তেল সমুদ্রৰ জলৰাশিত বিয়পি পৰিছে৷ ফলত কেইবাশমাইলো অঞ্চলত পাৰিপার্শ্বিক দুর্যোগ আৰম্ভ হৈছে৷ এই পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ মৰিছাছে ভাৰতক সহায় ভিক্ষা কৰাৰ লগে লগে নতুন দিল্লী প্রশাসনে ৩০ টন প্রযুক্তি সামগ্রী তথা যন্ত্রপাতি দেশখনলৈ প্রেৰণ কৰিছে৷ ইতিমধ্যে তেল নির্গত অঞ্চলত ভাৰতীয় উপকূলৰক্ষীৰ ১০জনীয়া কর্মীৰ দল এটাক মোতায়েন কৰা হৈছে৷ বিদেশ মন্ত্রালয়ৰ তথ্য অনুসৰি পৰিস্থিতি নিয়ন্ত্রণৰ বাবে বায়ুসেনাৰ যুদ্ধবিমান এখনো ঘটনাস্থলীলৈ প্রেৰণ কৰা হৈছে৷ তাৎক্ষণিকভাৱে সমগ্র অঞ্চলটোত পৰিৱেশৰ প্রদূষণ বন্ধ কৰা কার্যত নিয়োজিত হৈছে ভাৰত৷ স্মর্তব্য যে ইয়াৰ পূর্বে ভাৰতে ক’ভিড–১৯ৰ মোকাবিলাৰ বাবে মৰিছাছলৈ বিভিন্ন আয়ুর্বেদিক দৰব আৰু চিকিৎসা কর্মীৰ দলো প্রেৰণ কৰিছে৷ শেহতীয়াকৈ সমুদ্রৰ জলৰাশি তেল বিয়পা কার্যত প্রতিৰোধ লগাবলৈ ভাৰতে ওচেন বুম, ৰিভাৰ বুম আদিকে ধৰি বিভিন্ন সামগ্রী প্রেৰণ কৰিছে৷ বিশেষকৈ পানীৰ পৰা তেল নিষ্কাশন কৰি উলিওৱাৰ ক্ষেত্রত ব্যৱহাৰ হোৱা বিভিন্ন যন্ত্রপাতি প্রেৰণ কৰিছে ভাৰতে৷ স্মর্তব্য যে জাপানৰ জাহাজখন ধ্বংস হোৱাৰ পাছত দ্বীপ ৰাষ্ট্রখনৰ জীৱকুললৈ আহি পৰিছে ভাবুকি৷

You might also like