৩৬৫ বিধ খাদ্যসম্ভাৰৰে জোঁৱাইক খুৱালে শাহুৱে
শহুৰ পৰিয়ালৰ বাবে জোঁৱাইৰ স্থান সদায় সুকীয়া। জোঁৱাইক আদৰ-সাদৰত যাতে কোনো কম নহয়, তাৰ প্ৰতি সদাসচেতন শহুৰ পৰিয়ালৰ প্ৰায় প্ৰতিজন সদস্য। জোঁৱাইক আদৰকেনেদৰে কৰে সেয়া শিকিব লাগিব এইগৰাকী শাহুৰ পৰা। এয়া অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী জিলাৰ কথা। মকৰ সংক্রান্তি উপলক্ষে হ’বলগীয়া জোঁৱাইৰ নিমন্ত্রণ আছিল ভাবী শহুৰৰ ঘৰত। কিন্তু কেনেদৰে তেওঁক আপ্যায়ণ কৰিব শহুৰ পৰিয়ালে সেয়া কোনেও ভাবিবও পৰা নাছিল। খোৱা টেবুললৈ চোৱাৰ পাছতে চকু কঁপালত উঠে ভাবী জোঁৱাইৰ। টেবুলত ভাগ ভাগকৈ সজোৱা আছিল এবিধ, দুবিধ নহয়, ৩৬৫ বিধ খাদ্য।
সংক্রান্তিৰ দিনা জোঁৱাইক ভালকৈ এসাঁজ খুওৱা তেলুগু সংস্কৃতিৰ অংগ। সেই মতে হ’বলগীয়া জোঁৱাই সাইকৃষ্ণক দুপৰীয়াৰ সাঁজ খাবলৈ মাতিছিল ভেংকেটেশ্বৰ ৰাও আৰু তেওঁৰ পত্নী মাধবীয়ে। ভাবী শাহুৰ ইচ্ছা আছিল জোঁৱাইক মনত ৰখাকৈ এসাঁজ বিশেষভাৱে খুওৱাৰ। সেইমতেই হৈছিল ৩৬৫ বিধ খাদ্যৰ যোগাৰ। জোঁৱাইৰ যাতে গোটেই বছৰটো ভালে যায় তাৰ বাবেই ৩৬৫ বিধ খাদ্যসম্ভাৰ তৈয়াৰ কৰিছিল শাহু মাকে। খোৱাৰ তালিকাত আছিল ৩০ ধৰণৰ তৰকাৰী, ভাত, বিৰিয়ানী, আধুনিক তথা পুৰাতন মিলাই ১০০ বিধ মিষ্টান্ন, ১৫ বিধ বিভিন্ন ধৰণৰ আইছক্রীম, পেষ্ট্ৰী, কেক, শীতল আৰু গৰম পানীয়, বিভিন্ন ফল-মূল ইত্যাদি।