নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই পত্নীৰে অন্তৰংগ মুহূৰ্তৰ লাইভ স্ট্ৰিমিং কৰি লাখপতি, তাৰ পিছত…!

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ   দুই স্ত্ৰীৰ সৈতে প্ৰথমে সম্ভোগ তাৰ পিছত লাইভ সম্প্ৰচাৰ। তেনে এক অসত কাৰ্য কৰি লাখ লাখ টকা উপাৰ্জন কৰিছিল ২৪ বছৰীয়া যুৱকে। যুৱকজনে বিভিন্ন ডেটিং এপত সেই লাইভ সম্প্ৰচাৰ কৰি উপভোগ কৰোঁতাসকলৰ পৰা পইচা লৈছিল। প্ৰথমতে ১০০ টকাৰ পৰা ১০০০ টকা লৈ হৈছিল লাখপতি।

অৱশেষত দ্বিতীয় পত্নীৰ অভিযোগত আৰক্ষীয়ে যুৱকজনক আটক কৰে। মধ্যপ্ৰদেশৰ বিদিশা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। দ্বিতীয় পত্নীয়ে স্বামীৰ প্ৰতি ধৰ্ষণৰ লগতে গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে যুৱকজনে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে কাৰিকৰী দিশত যথেষ্ট উন্নত আছিল বাবে অভিযুক্তই বিভিন্ন ডেটিং এপত সক্ৰিয় হৈ টকা উপাৰ্জন কৰিছিল। তাৰ পিছতে পইচা উপাৰ্জন কৰিবলৈ জঘন্য পন্থা বাচি লৈছিল এনেদৰে। প্ৰথমে যুৱকজনে ডেমোৰ বিনিময়ত ১০০ টকা আৰু তাৰ পিছত ৫০০,৬০০ আৰু ১০০০ টকা লৈছিল।

অভিযুক্তই আৰক্ষীৰ জেৰাত নিজৰ সকলো অপৰাধ স্বীকাৰ কৰিছে। অভিযুক্ত যুৱকজনৰ পৰা ১২ লাখ টকা আৰু এটা স্মাৰ্ট ফোন জব্দ কৰিছে। যুৱকজনৰ একাউণ্টৰ পৰা যোৱা ২৬ আগষ্টৰ পৰা ১ লাখ পৰা ৬ লাখ টকা লেনদেন হৈছে গ্ৰেপ্তাৰ হোৱা সময়লৈকে। মধ্যপ্ৰদেশ আৰক্ষীৰ মতে অভিযুক্তই দৈনিক ৩০০০ৰ পৰা ৪০০০ টকা উপাৰ্জন কৰিছিল।

You might also like