নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ দেশৰ এক নম্বৰ ধনাঢ়্য ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানি ককাক হ’ল৷ আম্বানি পৰিয়ালৰ মুখপাত্রই প্রকাশ কৰা মতে, আম্বানিৰ জ্যেষ্ঠ পুত্র আকাশ আম্বানি আৰু বোৱাৰী শ্লোকা পুত্র সন্তানৰ গৰাকী হয়৷ ৰিলায়েন্স ইণ্ডাষ্ট্রিৰ পৰিয়াললৈ পুত্র সন্তান এটি অহাৰ পিছতেই ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানি আৰু তেওঁৰ পত্নী নীতা আম্বানি আনন্দিত হৈছে৷ তেওঁলোকে ককা–আইতা হিচাপে অতি সুখ অনুভৱ কৰিছে৷
পৰিয়ালৰ বিবৃতিত প্রকাশ পোৱা মতে, ভগৱান শ্রীকৃষ্ণৰ দয়া আৰু আশীর্বাদত শ্লোকা আৰু আকাশে মুম্বাইত এটি পুত্র সন্তান জন্ম দি গৌৰৱান্বিত হৈছে৷ উল্লেখ্য যে মুকেশ আৰু নীতা আম্বানিৰ ডাঙৰ পুত্র আকাশ আম্বানিয়ে হীৰা ব্যৱসায়ী ৰাছেল মেহতা আৰু মনা মেহতাৰ কন্যা শ্লোকা মেহতাক বিগত বর্ষৰ মার্চ মাহত বিবাহ কৰাইছিল৷ ধীৰুভাই আম্বানি আন্তর্জাতিক বিদ্যালয়ত অধ্যয়নৰ সময়ত আকাশ আৰু শ্লোকাৰ বন্ধুত্ব হৈছিল আৰু পিছলৈ দুয়োজনে বিবাহপাশত আবদ্ধ হয়৷