নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাটা-আম্বানীৰ যুঁজ! নিউয়র্কত ২,০০০ কোটিত হোটেল কিনি ‘যুদ্ধ ঘোষণা’ মুকেশৰ

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ এইবাৰ টাটাৰ বিৰুদ্ধে ‘যুদ্ধ’ত নামিছে আম্বানী। সেয়াও বিদেশৰ মাটিত। যুদ্ধৰ ময়দানো মুকেশ আম্বানীৰ বাবে প্রায় নতুন। বিদেশত টাটাৰ হোটেল ব্যৱসায়ৰ বজাৰ দখল কৰিবলৈ বৃহৎ বিনিয়োগ কৰিছে ৰিলায়েন্স প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী মুকেশ আম্বানীয়ে। দেশীয় বজাত সকলোতকৈ ডাঙৰ হোটেল চেইনৰ মালিকীস্বত্ত্ব আছে ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড (আইএইচচিএল) নামৰ প্ৰতিষ্ঠানৰ হাতত। এই প্ৰতিষ্ঠান আচলতে টাটা গোষ্ঠীৰ মালিকানাধীন। তাজ হোটেল ব্রেণ্ডত সেই হোটেলবোৰ চলাই আহিছে টাটাই। বিদেশৰ বজাৰতো হোটেল ব্যৱসায় আছে টাটা গ্ৰুপৰ।

ব’ষ্টন, ছান ফ্রান্সিছকো, নিউয়র্ক, লণ্ডন, কেপ টাউনৰ দৰে চহৰৰ উপৰি মালদ্বীপ আৰু শ্রীলংকাতো আইএইচচিএলৰ হোটেল আছে। টাটাক প্ৰত্যাহ্বান জনাই চলিত বছৰৰ আৰম্ভণিতে হোটেল ব্যৱসায়ত ডাঙৰ পদক্ষেপ লৈছে মুকেশ আম্বানীয়ে। নিউয়র্কৰ এটি বিলাসবহুল হোটেলৰ বৃহৎ অংশ কিনিছে ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিয়েল ইনভেষ্টমেন্টছ এণ্ড হোল্ডিংছ লিমিটেডে। সেই হোটেলৰ মাত্ৰ কেইশ মিটাৰ আঁতৰতে আছে ‘দ্য পিয়েৰ’— টাটাৰ হোটেল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, নিউয়র্কৰ মান্দাৰিন অ’ৰিয়েন্টেল হোটেলৰ ৭৩.৩৭ শতাংশ কিনিছে আম্বানীয়ে। ইয়াৰ বিনিময়ত খৰচ হৈছে ৯.৮১৫ কোটি ডলাৰ। ১১.৫ কোটি ডলাৰৰ বেচি ঋণৰ দায়ভাৰো বহন কৰিব ৰিলায়েন্সে। সকলো মিলি এই বিনিয়োগৰ মূল্য প্রায় ২,০০০ কোটি ডলাৰ। ইয়াৰ আগতেও অৱশ্যে হোটেল ব্যৱসায়ত বিনিয়োগ কৰিছে মুকেশ আম্বানীয়ে। বিগত বছৰত ব্রিটেইনতৰ ষ্টক পার্ক নামৰ এখন হোটেল কিনিছে ৫৯২ কোটিত। এইবাৰ উদ্যোগপতিগৰাকীৰ লক্ষ্য আমেৰিকাৰ বজাৰ।

You might also like