নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: মগজুৰ অস্ত্রোপচাৰৰ পাছত সেনাৰ ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা দেশৰ প্রাক্তন ৰাষ্ট্রপতি ভাৰতৰত্ন প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ উন্নতি ঘটা নাই৷ হাস্পতালখনৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতি অনুসৰি মুখার্জী ভেণ্টিলেটৰত সংকটজনক অৱস্থাতে আছে৷
উল্লেখনীয় যে মগজুৰ অস্ত্রোপচাৰৰ পূর্বে প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰি তেওঁৰ সংস্পর্শলৈ অহা সকলো লোককে স্বেচ্ছাই কোৱাৰেণ্টাইনত থকাৰ অনুৰোধ জনাইছিল মুখার্জীয়ে৷ শেহতীয়াকৈ নতুন দিল্লীস্থিত হাস্পতালখনৰ তৰফৰ পৰা বিবৃতিটোত সদৰী কৰা হৈছে যে মুখার্জীৰ স্বাস্থ্য অপৰিৱর্তিত অৱস্থাত আছে৷ অর্থাৎ প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যৰ কোনো ধৰণৰ উন্নতি ঘটা নাই৷
বৰঞ্চ অধিক অৱনতিহে ঘটিছে মুখার্জীৰ স্বাস্থ্যৰ৷ ইফালে মুখার্জীৰ আশু আৰোগ্য কামনা কৰি অসংখ্য গুণমুগ্ধই ছ’চিয়েল মিডিয়াত বার্তা বিনিময় কৰিছে৷ আনকি পশ্চিমবংগৰ বীৰভূমস্থিত প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ জন্ম গাঁৱত স্থানীয় বাসিন্দাসকলে কালিৰে পৰা চলাই আছে পূজা–র্চনা৷ সকলোৱে মুখার্জী সুস্থ হোৱাটো বিচাৰিছে৷